অসমবিশেষশীৰ্ষ

বিশ্বনাথৰ মুখৰগড়ত পাতৰ সমাজৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিবেশন আয়োজন

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

সদৌ অসম পাতৰ সমাজ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ আৰু শোনিতপুৰবাসী ৰাইজৰ সহযোগত মুখৰগড়ত পাতৰ সমাজৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিবেশন আয়োজনৰ কাম প্ৰায় সম্পুৰ্ণ হৈছে ৷অধিৱেশনৰৰ উপলক্ষ্যত স্মৃতিগ্ৰন্থ, ব্যৱস্থাপনা বিত্ত,খাদ্য,সাংস্কৃতিক,সাহিত্য,ক্ৰীড়া,শব্দ,পোহৰ,মঞ্চ,যাতায়ত,প্ৰচাৰ,সেৱাবাহিনী,স্বাস্থ্য আৰু অনাময় বিভাগকে ধৰি কেইবাখনো উপসমিতি গঠন কৰা হয়৷ অহা ২ আৰু ৩ নৱেম্বৰত অনুষ্ঠিত হৱলগীয়া অধিৱেশনৰ বাবে কাৰ্যক্ৰমণিকাও যুগুত কৰি উলিয়াইছে উদ্যোক্তা সকলে ৷কাৰ্য্যসুচী অনুসৰি অনুষ্ঠানৰ পহিলা দিনাখনৰ পুৱাভাগত শোণিতপুৰ জিলা পাতৰ সমাজৰ সভাপতি ডিম্বেশ্বৰ পাতৰে পতাকা উত্তোলন কৰিব৷ স্মৃতিতৰ্পন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি হৰেকৃষ্ণ পাতৰে ৷১১.৩০ বজাত সম্বৰ্ধনা আৰু মত বিনিময় অনুষ্ঠানৰ শুভাৰম্ভ কৰা হব ৷ বিয়লি ভাগত পৰম্পৰাগত কৃষ্টি প্ৰতিযোগিতা আৰু সন্ধ্যা ৫ বজাত সদৌ অসম পাতৰ সমাজ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত শোণিতপুৰ জিলা পাতৰ সমাজৰ প্ৰতিনিধি সভা অনুষ্ঠিত হব৷ দ্বিতীয় দিনাখনৰ পুৱা ৯ মান বজাৰ পৰাই পৰম্পৰাগত সাংস্কৃতিক শোভাযাত্ৰা আৰু বিয়লি ১ বজাৰ পৰা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হব৷ অনুষ্ঠানটি উদ্বোধন কৰিব শোণিতপুৰ জিলা পাতৰ সমাজৰ সম্পাদক প্ৰাণনাথ পাতৰে ৷অনুষ্ঠানৰ পুৰ্বে শোণিতপুৰ জিলা মহিলা সমিতিয়ে এটি সমবেত সংগীত পৰিবেশন কৰিব ৷নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকিব বিশ্বনাথ বাণিজ্য মহাবিদ্যালয় সহঃঅধ্যাপক গৌতম গোৱালাই ৷মুখ্য অতিথি হিচাবে সাংসদ পল্লৱলোচন দাস,পাতৰ সমাজৰ কেন্দ্ৰীয় নেতা দীপক পাতৰ, স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, আৰু চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই অংশ গ্ৰহন কৰিব বুলি জানিব পৰা গৈছে ৷বিশিষ্ট অতিথি ৰূপে বিশ্বনাথৰ উপায়ুক্ত পবিত্ৰৰাম খাউণ্ড,আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচন,প্ৰতাপগড় বাগিচাৰ পৰিছালক ব্ৰীজ জামোৱালৰ লগতে সাকোমঠা বাগিচাৰ পৰিছালক ৰবীন্দ্ৰ সিঙ উপস্থিত থাকিব ৷ ইয়াৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তি সকলে সন্মানীয় আৰু আমন্ত্ৰিত অতিথিৰ আসন অলঙ্কিত কৰিব লগতে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি “ডহৰ”নামৰ স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰা হব৷ উন্মোচন কৰিব ভেলৌগুৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক যাদৱ স্বৰ্গীয়াৰীয়ে ৷সন্ধিয়া সাংস্কৃতিক সন্ধ্যা কাৰ্যসুচীৰ শুভাৰম্ভ কৰিব কণ্ঠশিল্পী নৰেন পানতাঁতিয়ে ৷ অধিবেশনত শোণিতপুৰ জিলা পাতৰ সমাজৰ সভাপতি সম্পাদক আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে ডিম্বেশ্বৰ পাতৰ, প্ৰাণনাথ পাতৰ,হৰেকৃষ্ণ পাতৰ,আৰু কৃষ্ণ পাতৰে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close