অসম

বিশ্বনাথৰ এগৰাকী ভাস্কৰ্য্যশিল্পী কৃষ্ণকান্ত হাজৰিকা

নিজ হাতেৰে সাজি উলিয়াইছে ইলেক্ট্ৰনিক গীটাৰ

একাগ্ৰতা আৰু সাধনা থাকিলে অসাধ্যৰো সাধন হয় ৷ প্ৰচাৰৰ অভাৱত আৰু চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ হেতু বহু প্ৰতিভাবান লোকৰ সুপ্ত প্ৰতিভাৰ উমান পোৱা নাযায় ৷ তেনে এগৰাকী যুৱক হৈছে বিশ্বনাথৰ বালিচাঙৰ অন্তৰ্গত লছমনবস্তি গাৱৰ নাম কৃষ্ণকান্ত হাজৰিকা ৷ বাপন তথা কে. কে নামেৰে খ্যাত যুৱক জন পেচাত এগৰাকী গাড়ী চালক ৷ সংগীততো বিশেষ ৰাপ থকা যুৱক জনে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মঞ্চত নিজে সাজি উলিওৱা গীটাৰ বজাই গীতাৰবাদক ৰূপে সেৱা আগবঢ়াই আহিছে। স্ব- সাধনাৰে বিভিন্ন ধৰনৰ বাদ্যযন্ত্ৰও বজাবলৈ সক্ষম হোৱা যুৱকজন অসমৰ খ্যাতনামা কণ্ঠশিল্পী বিদ্যাসাগৰ ,নাহিদ আফ্ৰিনৰ গীততো গীতাৰ বাদক ৰূপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ উপৰিও অনাতাৰ কণ্ঠ শিল্পী সকলৰ সৈতেও গীতাৰ বজাই সুনাম অৰ্জন কৰে। গীতাৰ বজাই ভাল পোৱা যুৱক জনে নিতৌ নতুন কৌশল আৰু পৰিকল্পনাৰে বিভিন্ন ধৰনৰ অত্যাধুনিক গীতাৰ বনাবলৈও আৰম্ভ কৰে ৷ কাঠেৰেই পশ্চিমীয়া দেশৰ শৈলীৰে নিৰ্মাণ কৰা গীটাৰ সমুহ চাবৰ বাবে বিভিন্ন স্থানৰ মানুহৰ সমাগম হয় লগতে স্থানীয় ছাত্ৰ- ছাত্ৰীৰো ভিৰ পৰিলক্ষিত হয়৷ তেওঁ বৰ্তমান কাঠ আৰু বাহেঁৰে ডলফিন,ডাইনোচৰাছ ,তৰামাছ,পেঙ্গুইন ড্ৰেগনকে ধৰি বিভিন্ন প্ৰজাতিৰ সাগৰীয় জীৱ জন্তু, মাছ,সাপ, সৰীসৃপ,আদি হুবহু নিৰ্মাণ কৰি ৰাইজৰ সমাদৰ পাবলৈ সক্ষম হৈছে ৷ তদুপৰি কাঠৰ পখিলা, ভাটৌ চৰাই,শালিকা ,বগলীকে আদি কৰি বিভিন্ন প্ৰজাতিৰ চৰাই,চিৰিকতি, হৰিন ,গড় মেকুৰীৰ লগতে ভিন ভিন জাতৰ জীৱ জন্তু সাইলাখ কাঠ আৰু বাহেৰেই নিৰ্মাণ কৰি উলিয়াইছে ৷ আনহাতে সৰু বৰ ৰাষ্ট্ৰীয় পতাকাও সাজি উলিয়াইছে। পৰিতাপৰ বিষয় এই যুৱক জনৰ আৰ্থিক দিশ একেবাৰে শোচনীয় ৷ কৃষ্ণকান্ত হাজৰিকাৰ পত্নী আৰু এটি কন্যা সন্তান আছে ৷ তেওঁ সাজি উলিওৱা সামগ্ৰী সমূহ ভালকৈ ৰাখিবলৈও সুবিধা নাই তেওঁৰ ঘৰত। ভাস্কৰ্য্যশিল্পত তেওঁৰ সহধৰ্মিনীয়েও উৎসাহ যোগোৱাৰ লগতে সহযোগিতাও আগবঢ়াই আহিছে ৷ এই পৰ্যন্ত কোনো ধৰনৰ চৰকাৰী সা -সুবিধা পোৱা নাই ৷ কৰত, বটালী হাতুৰীকে ধৰি সামান্য দুই চাৰিপদ সামগ্ৰীৰে কাম চলাই আহিছে ৷ তেওঁৰ সুবিধাৰ্থে নিজেই এটা মেচিনো সাজি উলিয়াইছে। আৰ্থিক দুৰৱস্থাৰ হেতুকে প্ৰয়োজনীয় সা সামগ্ৰী সমুহ ক্ৰয় কৰিব পৰা নাই ৷ আকৰ্ষণীয় বিভিন্ন সামগ্ৰী সাজি উলিয়াইছে কিন্তু ৰং দিবৰ বাবে সামৰ্থ্য হোৱা নাই ভাস্কৰ্যশিল্পী গৰাকীৰ। সেয়েহে তেওঁ চৰকাৰক আহ্বান জনাইছে কিছু আৰ্থিক সহায়ৰ বাবে। ভাস্কৰ্যশিল্পৰ জৰিয়তে তেওঁ বিশ্বনাথৰ লগতে অসমবাসীলৈও গৌৰৱ কঢ়িয়াই অনাৰ চেষ্টা অব্যাহত ৰাখিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close