অসমবিজ্ঞান

বিশ্বনাথত ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস পালন

ৰূপজ্যোতি শইকীয়া

ভাৰত জন বিজ্ঞান নেটৱৰ্কৰ সহযোগত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ অভ্যসন বিদ্যাপীঠত বুধ বাৰে দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস উপলক্ষে আয়োজন কৰা জনপ্ৰিয় বিজ্ঞান বক্তৃতা আৰু যাদুৰ আঁৰৰ বিজ্ঞান কাৰ্যসূচীৰ সঞ্চালকৰ আসন শুৱনি কৰে শ্ৰেষ্ঠ শিক্ষকৰ ৰাজ্যিক বঁটাপ্ৰাপ্ত বিশিষ্ট শিক্ষাবিদ উমাচৰণ বৰাই। বিশ্বনাথ অভ্যসন বিদ্যাপীঠৰ অধ্যক্ষা ৰূপজ্যোতি বৰদলৈয়ে আদৰণি ভাষণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে নৱপ্ৰজন্মৰ কৰণীয় সমূহ উল্লেখ কৰে। বিশিষ্ট বিজ্ঞান লেখক আৰু আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি ক্ষীৰধৰ বৰুৱাই ছাত্ৰ-ছাত্ৰীৰ আগত অৱগত কৰে যে সমাজত বৈজ্ঞানিক মানসিকতা গঢ় দিবলৈ প্ৰয়াস কৰা অক্লান্ত বিজ্ঞানকৰ্মী ডা: নৰেন্দ্ৰ ডাভোলকাৰক কোনো অপশক্তিয়ে ২০১৩ চনৰ ২০ আগষ্টত হত্যা কৰা বাবে উক্ত দিনটোত সৰ্বভাৰতীয় পৰ্যায়ত বিজ্ঞান মনস্কতাদিৱস হিচাপে পালন কৰি আহিছে। বৰুৱাই দৃশ্য-শ্ৰব্য মাধ্যমৰ জৰিয়তে অন্ধবিশ্বাস শীৰ্ষক বিষয়ৰ ওপৰত অংকন কৰা কাৰ্টুনৰ সহায়ত অতি সুন্দৰ আৰু সাৱলীলভাৱে ছাত্ৰ-ছাত্ৰীৰ মাজত দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ উপসভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক ধনেশ্বৰ বৰাই সমাজত প্ৰচলিত কুসংস্কাৰ, অন্ধবিশ্বাস, বেজ, তান্ত্ৰিক আদিৰ ভণ্ডামী ৰাইজৰ মাজত উদ্ঘাটন কৰি ছহিদ হ’বলগীয়া গোবিন্দ পানছাৰে, এম এম কালবুৰ্গি, গৌৰী লংকেশৰ দৰে সমাজক ভালপোৱা ব্যাক্তিসকলৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ আগত অৱগত কৰে। চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে যাদুৰ আঁৰৰ বিজ্ঞান কাৰ্যসূচীৰ অন্তৰ্গত ভাগ্য পৰীক্ষা, অশৰীৰ আত্মাৰ উপস্থিতি, যাদুকৰী বটল, বেলুনৰ ভিতৰত ভূত, জুই নলগা কাপোৰ, অন্তহীন গংগাজল আদি ছাত্ৰ-ছাত্ৰীৰ লগতে উপস্থিত ৰাইজৰ আগত প্ৰদৰ্শন কৰাৰ লগতে বৈজ্ঞানিক ব্যাখ্যাও আগবঢ়ায়। বৰদলৈৰ যাদুবোৰত ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ মাজত আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰই হাতত লোৱা এই কাৰ্যসূচীৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ সক্ৰিয় সদস্যা প্ৰীতি বৰুৱা, বিশ্বনাথ অভ্যসন বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ সম্পাদক বিৰাজ শইকীয়া, বিজ্ঞান শিক্ষক মামুদ আহমেদ, প্ৰাঞ্জল বৰদলৈ, জয়শ্ৰী ডেকা, ৰিতামণি বৰকাকতি, গীতা দাস শইকীয়াই ভূয়সী প্ৰশংসা কৰি বক্তব্য দাঙি ধৰে। আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত সপ্তাহযোৰা কাৰ্যসূচীৰে ৰাতিৰ আকাশ নিৰীক্ষণৰ কাৰ্যসূচী বিদ্যালয়সমূহৰ মাজত লোৱাৰ ব্যৱস্থা কৰা হব বুলি জানিবলৈ দিয়ে । এই কাৰ্যসূচীত বৃহস্পতি গ্ৰহ আৰু তাৰ উপগ্ৰহ সমূহৰ লগতে চন্দ্ৰ পৃষ্ঠখন দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত চোৱাৰ ব্যৱস্থা কৰা হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close