অসমবিশেষশীৰ্ষ

বিশ্বনাথত ৬০সংখ্যক সাধাৰু লক্ষ্মী পূজাৰ মেলা আৰম্ভ

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

বিশ্বনাথ চাৰিআলিৰ সাধাৰু চাহ বাগিচাৰ খেলপথাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে ৬০সংখ্যক সাধাৰু লক্ষ্মী পূজাৰ মেলা।দেওবাৰে নিশা উত্তৰ অসমৰ এই সৰ্ববৃহৎ মেলা খনৰ মূল টোৰণ উদ্বোধন কৰে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে। ইয়াৰ পিছতে লক্ষ্মী পূজাৰ মূল মণ্ডপ উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।অস্থায়ী কাৰ্যালয় উদ্বোধন কৰে বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়া ডাঃ নাৰায়ণ উপাধ্যায়ে। উদযাপন সমিতিৰ সম্পাদক ঐবন তাঁতীয়ে আঁত ধৰা সভাত বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধাৰ, বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোচন,বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া আবুল কালাম ,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা,মহকুমা স্বাস্থ্য বিষয়া ডাঃ নাৰায়ণ উপাধ্যায়, সাকোমঠা চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক ৰবীন্দ্ৰ সিং, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, অসম সংগ্রামী যুৱ ছাত্ৰ পৰিসদৰ সহকাৰী সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱা, যুৱ নেতা অঞ্জন বৰা(সোনটি) আদিয়ে বক্তব্য আগবঢ়াই।সভাত বিভিন্ন দল সংগঠনৰ বিষয় ববীয়াই অংশ গ্ৰহণ কৰে।ইফালে দেওবাৰৰ পৰা অহা ১৬ অক্টোৱৰলৈ চলিবলগীয়া এই মেলাত ইতিমধ্যে জনশ্ৰোত আৰম্ভ হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close