অসম

বিশ্বনাথত সদৌ অসম সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা আৰম্ভ

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

আজিৰে পৰা সদৌ অসম সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতিৰ ৫৮তম্ বাৰ্ষিক প্ৰতিযোগিতা খনি দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নি কবি কমলা কান্ত ভট্টাচাৰ্য প্ৰেক্ষাগৃহত আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন ঠাইৰ ২৫ টা নাট্য দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা খনিৰ প্রথম দিনাৰ কাৰ্যসূচী অনুসৰি আজি পুৱা ৯ বজাত সমিতিৰ পতাকা উত্তোলন কৰে সদৌ অসম সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতিৰ সভানেত্ৰী অৰুণা বৰাই।এই অনুষ্ঠানৰ পিছতে নাট প্ৰতিযোগিতা সমিতিৰ অন্যতম বিষয় ববীয়া বিমল বৰাৰ অকাল বিয়োগত গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰ আঁত ধৰে প্ৰধান সম্পাদক ভবেন বৰুৱাই। সন্ধ্যা ৫বজাত সম্বর্দ্ধনা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰবীণ অভিনেতা অৰুণ শৰ্মা, প্ৰবীণ নাট্যকর্মী ৰাম শইকীয়া, প্ৰবীণ অভিনেতা পদুম কলিতা, মৰণোত্তৰ ভাৱে চন্দ্ৰ শৰ্মা, ডঃ সুভাষ সাহাক সম্বর্দ্ধনা জনোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close