অসম

বিশ্বনাথত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি

অসমীয়া জাতিৰ প্ৰান প্ৰতিষ্ঠাতা, ভাষা, সাহিত্য, সংস্কৃতিৰ জনক মহাপুৰুষ গুৰুজনাৰ জন্ম জয়ন্তি বৰ্নাঢ্য কাৰ্যসুচীৰে উদযাপনৰ প্ৰস্তুতি চলাইছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখাই। বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ অন্তৰ্গত মুঠ ৩৩খন প্ৰাথমিকৰ সহযোগত অহা ৭ আৰু ৮ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসুচিৰে অনুষ্ঠিত হ’ব লগা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আৰ্ৱিভাৱ মহোৎসৱৰ কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে এখন শক্তিশালি উদযাপন সমিতি গঠন কৰা হৈছে। গুৰু জয়ন্তিৰ কাৰ্যসূচী অনুসৰি ৭ অক্টোৱৰ তাৰিখে শিশু, যুৱক যুৱতি আৰু আইমাতৃ সকলৰ মাজত সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হব। দ্বিতীয় দিনাৰ কাৰ্যসূচি অনুশৰি ৮ অক্টোৱৰ তাৰিখে পুৱা ধৰ্মধ্বজা উত্তোলন,নামপ্ৰসংগ, ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা ৰ উপৰিও বিয়লিলৈ এখন ধৰ্মালোচনী সভাৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে। যোৱা ১৮ আগষ্ট তাৰিখে বিশ্বনাথ চাৰিআলি আঞ্চলিক নামঘৰত, অঞ্চলিক সমিতিৰ সভাপতি পূৰ্ণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত তৰুণ বৰা(ভিৰগাওঁ প্ৰাথমিক)ক সভাপতি, মোহৰাম কলিতা (গড়েহাগী প্ৰাথমিক)ক উপসভাপতি, অমৃত গগৈ(কোচঁ গাও ক প্ৰাথমিক)ক কাৰ্যকৰী সভাপতি , অতুল বৰকটকী (কোচঁগাও ক প্ৰাথমিক)ক সম্পাদক, জিতু বৰা (ভিৰগাওঁ) আৰু দুলাল দত্ত(নগাঁও)ক যুতীয়া সহকাৰি সম্পাদক হিচাপে লৈ গঠন কৰা উদযাপন সমিতি খনে গুৰুজয়ন্তিৰ কাৰ্যসুচি সফল কৰাৰ বাবে সকলো পক্ষৰে সহযোগ কামনা কৰিছে। বিশ্বনাথ চাৰিআলি অন্তৰ্গত মুঠ ৩৩ খন প্ৰাথমিকৰ সভাপতি ,সম্পাদক, আঞ্চলিক সদস্য আৰু প্ৰতিনিধি সকলৰ উপৰিও বিশ্বনাথ জিলাৰ সম্পাদক গিৰিশ বৰা, জিলা সংস্কৃতি শাখাৰ সম্পাদক প্ৰাণজিৎ বৰা, প্ৰাক্তন শৰণাচাৰ্য্য অৰুণ শইকীয়া আদিয়ে অংশগ্ৰহন কৰা সভা খনৰ আটধৰে আঞ্চলিক সমিতিৰ সম্পাদক নিৰঞ্জন বৰাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close