অসমবিশেষশীৰ্ষ

বিশ্বনাথত বীৰভূমি প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ উদ্যোগত লাচিত দিৱস উদযাপন

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

বিশ্বনাথ সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত আৰু বীৰ ভূমি প্ৰতিমুৰ্তি নিৰ্মান সমিতিৰ সহযোগত অতি আড়ম্বৰ পূৰ্ন ভাৱে দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে জিলা উপায়ুক্ত কাৰ্যালয় ৰ সন্মুখত থকা বীৰভূমিত লাচিত দিৱস উদযাপিত হয় । দিৱসৰ প্ৰথমটো কাৰ্যসূচি মঞ্চৰ পতাকা উত্তোলন কৰে সভাপতি প্ৰশান্ত মহন্তই । বিয়লী লাচিত বৰফুকন দেৱৰ প্ৰতিকৃতিত পূষ্পাঞ্জলি অৰ্পন আৰু ধুপ প্ৰজ্জলনৰে শ্ৰদ্ধা জ্ঞাপন কৰে বীৰ ভূমি প্ৰতিমুৰ্ত নিৰ্মান সমিতিৰ উপদেষ্টা কনকলতা নেওঁগে । শ্ৰদ্ধাজ্ঞলি অনুষ্ঠানটিৰ পিচতে অসমৰ ভূগোল, বুৰজ্ঞী, সাহিত্য -সংস্কৃতি, পৰম্পৰা আদিৰ ভিত্তিত অষ্টম মানৰ পৰা দ্বাদশ শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহনৰে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।এই কুইজ প্ৰতিযোগিতা খন পৰিচালনা কৰে বিশ্বনাথ বানিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা ড: অজয় ভট্টাচাৰ্য আৰু খৰাশিমলু উচ্ছ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ধ্ৰূবজ্যোতি হাজৰিকাই আৰু সহযোগিতা আগবঢ়াই দৰং মহাবিদ্যালয় ছাত্ৰ প্ৰাচুৰ্য্য শৰ্মাই ।এই কুইজ প্ৰতিযোগিতাত শংঙ্কৰ দেৱ বিদ্যা নিকেতন , বিশ্বনাথৰ ছাত্ৰ নিশান্ত ভট্টাচাৰ্য , দিৱন ভাৰ্গব ডেকা আৰু দৰ্শন কুমাৰ শৰ্মাৰ দলটিয়ে প্ৰথম স্থান , তৰুন চন্দ্ৰ ভট্টাচাৰ্য জুনিয়ৰ কলেজৰ ৰেহেনা বেগম , ৰাজশ্ৰী উপাধ্যায় আৰু বিপাক্ষী কাকতীৰ দলটিয়ে দ্বিতীয় স্থান আৰু ৰবীন্দ্ৰ চুবেদী , ৰহম দাস আৰু সন্দিপ আনন্দিৰ দলটিয়ে তৃতীয় স্থান লাভ কৰে । সন্ধ্যা বন্তি প্ৰজ্জলন কাৰ্যসূচি আৰম্ভ কৰে অৱসৰ প্ৰাপ্ত দক্ষ প্ৰশাসনিক বিষয়া তথা বীৰভূমি প্ৰতিমুৰ্তি নিৰ্মান সমিতিৰ সভাপতি হিতেশ্বৰ দাস আৰু নিৰ্মান সমিতিৰ সম্পাদক খগেন বৰাই । বন্তি প্ৰজ্বলন কাৰ্যসূচিৰ অন্তত নবীন-প্ৰবীন কবিৰ কবিতা আৰু গীতৰ লগতে বঁটা বিতৰণী অনুষ্ঠানটি আৰম্ভ হয় । মঞ্চৰ সম্পাদক জ্যোতি প্ৰসাদ শইকীয়াৰ আদৰণি ভাষনৰে আৰম্ভ হোৱা অনুষ্ঠানটি মঞ্চৰ সভাপতি প্ৰশান্ত মহন্ত আৰু নিৰ্মান সমিতিৰ সভাপতি হিতেশ্বৰ দাসৰ যুটীয়া সঞ্চালনাত অনুষ্ঠিত হয় । এই অনুষ্ঠানটি দেবলিনা আশ্ৰায়নৰ এটি বৰগীত পৰিবেশনৰে শুভাৰম্ভ হয় । কবিতা আবৃতি শিতানত সু- চিকিৎসক, কবি ডা: দুলাল শৰ্মা , শিক্ষয়ত্ৰী অনুৰাধা ভাগৱতী , প্ৰবক্তা ড: পুলক সভা পন্ডিত , শিক্ষক চন্দ্ৰ লুইটেল , জামুগুৰিৰ কবি কমল বৰা আৰু যুৱ মঞ্চৰ উপ-সভাপতি নিহাৰ শইকীয়াই আবৃতি কৰাৰ বিপৰীতে কন্ঠ শিল্পী দিক্ষীতা শ্যান্ডল্য আৰু সু চিকিৎসক , শিল্পী ডা: দেব কুমাৰ বৰদলৈ এ গীতৰ অনুষ্ঠান পৰিবেশন কৰে।অনুষ্ঠানটোতে কুইজ প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰী সকলক প্ৰশংসা পত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কিত কৰা হয় ।সন্ধ্যাৰ এই বিশেষ অনুষ্ঠানটিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ অমৃত হাজৰিকা , বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীন মটক আৰু সম্পাদক কৌস্তভ মনি দাধৰা , যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক জীতু শৰ্মা , বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টাদ্বয় মলয় ৰজ্ঞন মহন্ত আৰু নাচিৰ আহমেদ , সাধাৰন সম্পাদক অমৰ জ্যোতি বৰা আৰু জিলা বিষয় ববীয়া দিগন্ত বৰা , নিৰ্মান সমিতিৰ কাৰ্যকৰী সভাপতি মনি ভট্টাচাৰ্য আৰু সহকাৰী সম্পাদক ৰাজীৱ শইকীয়া কাৰ্যকৰী সদস্য মহেন্দ্ৰ শৰ্মা , স্থানীয় যুৱ সমাজ কৰ্মী শ্যামন্ত মনি শইকীয়া আৰু জয়ন্ত বৰুৱা আদি ব্যক্তি সকল উপস্থিত থাকে |

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close