অসম

বিশ্বনাথত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত

শব্দ আত্ম সহায় গোটৰ উল্লেখনীয় পদক্ষেপ

বিশ্বনাথ চাৰিআলিৰ টেঙাবৰীত সোমবাৰে এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুস্থিত হয় । শব্দ আত্ম সহায় গোটৰ উদ্যোগত টেঙাবৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই শিবিৰত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ দিব্যজ্যোতি দলে আৰু ডাঃ ডিম্বেশ্বৰ হাজৰিকাই অঞ্চলটোৰ ৰাইজৰ স্বাথ্য পৰীক্ষা কৰে । আজিৰ এই চিকিৎসা শিবিৰটো উদ্ধোধন কৰে জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই । শিবিৰ উদ্ধোধনী অনুষ্ঠানত লেহুগাওঁ গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰিয়ংকা হাজৰিকা, আঞ্চলিক পঞ্চায়তৰ সদস্য জীৱন বৰা,ৱাৰ্ড সদস্যা টুটুমণি বৰা, টেঙাবৰী গাঁও সংগঠনৰ সভাপতি পুতুল বৰা, টেঙাবৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰঞ্জন শৰ্মা, শব্দ আত্ম সহায় গোটৰ সভাপতি ধৰ্মেশ্বৰ বৰা, সম্পাদক প্ৰাঞ্জল বৰা, সদস্যসকল ক্ৰমে মণ্টু হাজৰিকা, দিগন্ত বৰা, ৰঞ্জিত হাজৰিকা, জয়ন্ত বৰা, নৰেন শইকীয়া, প্ৰবীণ বৰা, মদন বৰা, বিকি বৰা আদি উপস্থিত থাকে । অঞ্চলটোৰ ৰাইজে শব্দ আত্ম সহায় গোটৰ এই মহান প্ৰচেষ্টাক শলাগ লৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close