অসম

বিশ্বনাথত প্লাষ্টিক মুক্ত দুৰ্গোৎসৱ উদযাপনৰ আহ্বান পৌৰপতি ৰুলী শৰ্মাৰ

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

মানৱ সভ্যতাৰ প্ৰতি চৰম ভাবুকি হিচাপে চিহ্নিত হৈ পৰা প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যাপক প্ৰচলন ৰোধ কৰিবৰ বাবে শেহতীয়া ভাৱে কেইবাটাও পদক্ষেপ গ্ৰহন কৰা বিশ্বনাথ চাৰিআলি পৌৰসভাই আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ সময়ত প্লাষ্টিক মুক্ত দুৰ্গাপূজা পালনৰ বাবে আহ্বান জনাইছে বিশ্বনাথ বাসী ৰাইজক। সহজলভ্য প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ পৰিৱৰ্তে প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰৰে উৎসৱৰ বতৰ উদযাপন কৰি সচেতনতাৰ পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনাইছে পৌৰপতি ৰুলী শৰ্মাই। পৌৰপতি গৰাকীয়ে আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো পুজা মণ্ডপতে কমেও দুটাকৈ ডাষ্টবিন ৰখাটো বধ্যতামুলক কৰাৰ লগতে পূজা সমিতি সমুহক ভক্তক অপ্যায়নৰ ক্ষেত্ৰত প্লাষ্টিকৰ ডিছপজেৱল গিলাচ, পাত, বাতি, চামুচ আদি ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়। প্লাষ্টিকৰ গিলাচ বাতিৰ পৰিৱৰ্তে কলপাত, পতুৱা, অনান্য গছৰ পাত আৰু প্রাকৃতিক বস্তুৰে প্ৰস্তূত কৰা সামগ্ৰী ব্যৱহাৰৰ বাবে আহ্বান জনায়। আনহাতে শাৰদীয় বতৰত সকলোবোৰ সৰু বৰ ব্যৱসায় প্ৰতিষ্ঠানত কেৰিবেগৰ প্ৰচলন সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছে পৌৰপতি গৰাকীয়ে। কোনো ব্যৱসায় প্ৰতিষ্ঠানে কেৰিবেগ বিক্ৰি অথৱা মজুত কৰা পৰিলক্ষিত হ’লে কঠোৰ ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলিও উল্লেখ কৰে পৌৰপতি গৰাকীয়ে।যি কোনো সময়ত কেৰিবেগৰ প্ৰচলনৰ বিৰুদ্ধে পৌৰসভায় অভিযান চলাব বুলি উল্লেখ কৰি তেওঁ স্থানীয় ৰাইজক বজাৰ কৰিবলৈ যাওতে কাপোৰ অথবা মৰাপাতৰ বেগ লৈ যাবলৈও আহ্বান জনায়। ভৱিষ্যৎ প্ৰজন্মৰ বাবে এই সুন্দৰ পৃথিৱীখন বাসোপযোগী কৰি ৰখাৰ স্বাৰ্থত সকলোকে সচেতন হ’বলৈ আহ্বান জনায় পৌৰপতি ৰুলী শৰ্মাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close