অসমশীৰ্ষ

বিশ্বনাথত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন

বান পৰিস্থিতিৰ বুজ লবৰ বাবে বিশ্বনাথত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত | বুধবাৰে নিশা দহ মান বজাত বিশ্বনাথ জিলা আৱৰ্ত ভৱনত মন্ত্ৰী গৰাকী আহি উপস্থিত হয় । মন্ত্ৰী গৰাকীয়ে নিশাই বিশ্বনাথৰ জিলা উপায়ুক্ত ,জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলা খনৰ প্ৰতিটো বিভাগৰ মুৰব্বী সকলৰ সৈতে এক আলোচনাত মিলিত হয় । ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বুজ লোৱাৰ বাবে অসমৰ বহু কেইখন জিলাৰ লগতে বিশ্বনাথ জিলাতো সন্মুখীন হোৱা বান পৰিস্থিতি আৰু গৰাখহনীয়া সন্দৰ্ভত বুজ লোৱাৰ বাবে অহা মন্ত্ৰী গৰাকী বিশ্বনাথ ঘাটত আজি পুৱা আঠ বজাতে উপস্থিত হৈ বিশ্বনাথ ঘাটৰ চণ্ডী মন্দিৰৰ সমীপত হোৱা গৰাখহনীয়া পৰিদৰ্শন কৰে | ইয়াৰ পিছত তেওঁ বিশ্বনাথজিলাৰ গাংমৌথান, লালপুখুৰী, ডাঠকলা শিবিৰ , কৰিবিল বঙালী গাওঁ, কল্যাণী মন্দিৰ ইত্যাদি বহু কেইখন ঠাইত বানপানীৰ ফলত হোৱা ক্ষয় -ক্ষতিৰ বুজ লয় | বিশ্বনাথ ঘাটত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত জলসম্পদ বিভাগে সকলো মথাউৰি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত কৰণীয় আছে বুলি মন্ত্যব কৰে। মন্ত্ৰী গৰাকীয়ে বিশ্বনাথ ঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কৰি খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত তথা বিশেষ আঁচনি লোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে | পৰিদৰ্শন ৰ সময়ত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে বিশ্বনাথৰ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ , বিশ্বনাথ জিলা উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড আৰু বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাকেছ ৰোচন আৰু জিলা খনৰ জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী সকল | উল্লেখযোগ্য যে বিশ্বনাথ জিলাৰ লালপুখুৰী, কৰিবিল বঙালী গাঁও, বিশ্বনাথ ঘাট আদি অঞ্চল ভয়াবহ খহনীয়া ৰ কৱলত পৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close