অসম

বিশ্বনাথত আৰক্ষী দিৱসত বক্তৃতা অনুষ্ঠান : জৱাহৰ নবোদয় বিদ্যালয় শ্ৰেষ্ঠ

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

“পুলিচ কোমেমৰেচন দে”ৰ ( police commemoration day) লগত সংগতি ৰাখি আজি বিশ্বনাথ আৰক্ষীৰ উদ্যোগত এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। সমাজত আৰক্ষীৰ ভূমিকা শীৰ্ষক বক্তৃতা অনুষ্ঠানত বিশ্বনাথ চাৰিআলিৰ বহু সংখ্যক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক মোজাফৰ হুছেইনে আঁত ধৰা এই প্ৰতিযোগিতা উদ্বোধন কৰে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰাই। প্ৰতিযোগিতাৰ বিচাৰক হিচাবে অংশ গ্ৰহণ কৰে বিশ্বনাথ মহাবিদ্যালয় ৰ অধ্যক্ষ ডঃ চিন্তা মণি শৰ্মা, চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় ৰ অধ্যক্ষ স্বপ্না বৰা দাস,জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা আৰু বিশিষ্ট কবি, সাংবাদিক চন্দ্ৰ লুইটেলে ।প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে বিশ্বনাথ চাৰিআলি জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰী সুপ্ৰিয়া সৌনিক একে বিদ্যালয়ৰ বৈশালী কাশ্যপ আৰু চাৰিআলি অভ্যাসন বিদ্যালয়ৰ স্মৃতি দাসে। আজি পুৱা এই উপলক্ষে অনুষ্ঠিত মাৰাথান দৌৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে বিশ্বনাথ যান বাহন আৰক্ষীৰ কৃষ্ণ কাকতি, জিনজিয়া আৰক্ষী থানৰ লুৎফুৰ ৰহমান আৰু বিশ্বনাথ চাৰিআলি আৰক্ষীৰ বিকাশ কুটুমে। অনুষ্ঠানত বিশ্বনাথ আৰক্ষীৰ পৰিদৰ্শক অসীম নাথ,বিশ্বনাথ চাৰিআলি আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়া শুভন চন্দ্ৰ দাস,সমাজ কৰ্মী ইউচুফ খান আদিৰ লগতে বহু সংখ্যক অভিভাৱকে অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close