আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

বিমান বন্দৰত ৰবৰ্ট কুকুৰ

বর্তমান তথ্য প্রযুক্তিৰ যুগ। সেয়ে বিশ্বৰ ভিন্ন প্রান্তত ইয়াৰ পয়ােভৰ দেখিবলৈ পােৱা গৈছে। এই প্রযুক্তিবিদ্যাৰ অন্যতম আৱিষ্কাৰ ৰবৰ্টসমূহ। চৌদিশে যেন এই ৰবৰ্টসমূহে মানুহৰ হাতত হাত ধৰি নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। বহু ক্ষেত্ৰত মানুহক চেৰ পেলাইছে এই ৰবৰ্টসমূহে। চীনৰ ৰেষ্টুৰেণ্ট, নিউজ চেনেলৰ লগতে বহু প্রতিষ্ঠানত এই ৰবৰ্টসমূহে নিজৰ স্থিতি অটল ৰাখিছে। শেহতীয়াকৈ ভাৰত চৰকাৰেও বিষয়টোৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে। শেহতীয়া তথ্য অনুসৰি ভাৰত চৰকাৰে ভাৰতৰ বিমান বন্দৰ সমূহত নিৰাপত্তাৰ বাবে ৰবৰ্ট কুকুৰ ব্যৱহাৰৰ কথা চিন্তা চর্চা কৰিছে। ইতিমধ্যে যুক্তৰাষ্ট্র, ইংলেণ্ড, কানাডা, জাপান, কোৰিয়া আদি দেশত এই পদ্ধতি ব্যৱহাৰ কৰা হৈছে। এই পদ্ধতি সঁচাকৈয়ে নিৰাপদ তথা গ্রহণযােগ্য। সেয়ে ভাৰতবৰ্ষৰ বিমানবন্দৰসমূহৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফে এই পদ্ধতি ব্যৱহাৰৰ প্রতি উঠিপৰি লাগিছে। বিগত সপ্তাহত কানাডাৰ মন্ট্রিয়লত অনুষ্ঠিত হৈছিল গ্ল’বেল অভিয়েছন ছিকিউৰিটি চিম্প’জিাম ২০১৮ এই সন্মিলনখন আয়ােজন কৰিছিল ইণ্টাৰনেচনেল চিভিল অভিয়েছন অর্গানাইজেছনে। এই সন্মিলনত উপস্থিত আছিল চি আই এছ এফৰ ডিজি ৰাজেশ ৰঞ্জন আৰু অতিৰিক্ত ডিজি এম এ গণপতি। ইয়াতেই বিমানবন্দৰসমূহৰ নিৰাপত্তাৰ দিশটোৰ প্রতি আলােকপাত কৰা হৈছিল। ইয়াৰ উপৰি নিৰাপত্তাৰ ক্ষেত্ৰত প্রযুক্তিবিদ্যা সহায়ৰ বাবে ইউৰােপীয় ইউনিয়নৰ সৈতে এখন চুক্তিটো স্বাক্ষৰ বহন কৰে। এই সভাত ৰবৰ্ট কুকুৰৰ লগতে চিটি স্কেন পদ্ধতিৰ জৰিয়তে গধুৰ সামগ্ৰী পৰীক্ষা কৰা, বিস্ফোৰক সামগ্রী আদি চিনাক্তকৰণ কৰা বিষয়টোৰ ওপৰতাে আলােচনা কৰা হয়। এই সকলােবােৰ দিশত কিদৰে উন্নত প্রযুক্তিবিদ্যা ব্যৱহাৰ কৰিব পাৰি সেই বিষয়টোৰ ওপৰতাে তীক্ষ্ণ নজৰ ৰখা হয়। প্রায়ে ভাৰতবৰ্ষৰ বিমান পৰিবহণ বিভাগটোৰ প্রতি অভিযােগ উত্থাপন হয় নিৰাপত্তাৰ দিশটোৰ প্রতি। লগতে অভিযােগৰ সন্মুখীন হয় দায়িত্বত থকা কর্মচাৰীসকল। সেয়ে এই বিষয়টোক এইবাৰ গুৰুত্ব সহকাৰে লােৱা দেখিবলৈ পােৱা গৈছে। নিৰাপত্তা ব্যৱস্থাক অধিক কটকটীয়া কৰিবলৈ ইতিমধ্যে কর্তৃপক্ষই বিমান বন্দৰসমূহত বায়’মেট্রিক স্কেনাৰ চিষ্টেম প্রযুক্তি ব্যৱহাৰ কৰিছে। সেয়েহে ৰবৰ্ট কুকুৰৰ ব্যৱহাৰাে শীঘ্রেই আৰম্ভ কৰিব বিচাৰিছে চি আই এছ এফ কর্তৃপক্ষই। উল্লেখ্য যে, এই প্রযুক্তিবিদ্যা ব্যৱহাৰৰ ফলত ভাৰতৰ বিমানবন্দৰসমূহ যথেষ্ট নিৰাপদ হ’ব বুলি দাবী উত্থাপন কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই। লগতে পূর্বৰ যি অভিযােগ সেয়া হয়তাে একেবাৰে মােচন হ’ব বুলি মত প্রকাশ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close