আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

বিমানৰ বগা ৰঙৰ ৰহস্য

আমি দেখা সাধাৰণতে বিমানবােৰৰ ৰং বগা কিয় ? এই সন্দৰ্ভত প্রশ্ন কোনােদিনেই আমাৰ মনলৈ অহা নাই কাৰণ এই বিষয়টোক লৈ কোনােদিনে চিন্তা-চর্চা হােৱা নাই। কিন্তু অকণমান চিন্তা কৰিলেই কথাষাৰ আচৰিত যেন লাগে। সঁচাকৈয়ে কিছু ব্যতিক্রম। কাৰণ সকলাে বিমানৰ ৰঙে বগা। কিন্তু এই বিমানসমূহৰ ৰং বগা হােৱাৰ কাৰণ বহুতাে আছে। ভাবিলে আচৰিত যেন লাগিলেও বিমানৰ ৰং বগা হােৱাৰ কাৰণ গৰমকালত আমি বগা ৰঙৰ পােছাক পৰিধান কৰাৰ মাজতাে কিছু সাদৃশ্য আছে বুলি বৈজ্ঞানিকসকলে মত পােষণ কৰিছে। দৰাচলতে বগা ৰঙে তাপক শােষণ নকৰি প্রতিফলনতহে সহায় কৰে। যাৰ ফলত বগা ৰং পৰিধান কৰিলে গৰম কম লাগে। ঠিক সেইদৰেই বগা ৰঙৰ বিমানসমূহাে সহজে গৰম নহয় বুলি সদৰী কৰে বৈজ্ঞানিকসকলে। ইয়াৰােপৰি বিমানৰ ৰং বগা হােৱাৰ ফলত বিমানৰ কোনাে ঠাইত ছিদ্র হলে ই সহজতে চকুত পৰে। ইয়াৰ উপৰি বিমান হেৰাই গ’লে ইয়াৰ সন্ধানত বগা ৰঙটোৱে যথেষ্ট সহায় কৰে। সেয়ে অৰণ্য হওক বা সাগৰেই হওক সকলােতে বিমানসমূহ সহজে বিচাৰি উলিয়াব পাৰি। কেৱল দিনৰ ভাগতেই নহয় ৰাতিৰ সময়তাে বিমানখন বগা হােৱা বাবে স্পষ্ট ৰূপে জিলিকি থকা দেখা যায়। ইয়াৰ উপৰি অর্থনৈতিক দিশটো বগা ৰংটোৱে এক বিশেষ ভূমিকা পালন কৰে। কিয়নাে অন্য ৰঙৰ তুলনাত বগা ৰঙটোৰ খৰচ যথেষ্ট কম। ইয়াৰ উপৰি বগাৰ সলনি অন্য ৰং সমূহ ৰ’দত থাকিলে ইয়াৰ ৰং কমি আহে কিন্তু বগা ৰঙটোৱে এই ক্ষেত্ৰত একো অসুবিধাৰ সৃষ্টি নকৰে। এই সকলােবােৰ উদ্দেশ্য আগত ৰাখিয়েই বিমানসমূহত বগা ৰঙটোকেহে গুৰুত্ব প্রদান কৰা হৈছে।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close