অসমশীৰ্ষ

বিচ্ছুৰিত বৰ্ণালী আৰু ভাল খবৰ পূজা ছেলফী প্রতিযােগিতাৰ ফলাফল ঘােষণা

 

শাৰদীয় দুর্গা পূজা উপলক্ষে অসমৰ জনপ্রিয় পাৰিবাৰিক মাহেকীয়া আলােচনীবিচ্ছুৰিত বৰ্ণালীআৰু ব্যতিক্রমী সাপ্তাহিকভাল খবৰ উদ্যোগত অনুষ্ঠিত ছেলফী প্রতিযােগিতাৰ ফলাফল আজি আনুষ্ঠানিকভাৱে ঘােষণা কৰা হয়। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বহুসংখ্যক ছেলফী পঠোৱা প্রতিযােগিতাখনত দৰঙৰ কৰিশ্মা কুমাৰে প্রথম স্থান, তেজপুৰৰ ডলি কলিতা দ্বিতীয় স্থান আৰু মঙলদৈৰ বন্দনা কলিতাই তৃতীয় স্থান খল কৰিবলৈ সক্ষম হয়।সৌন্দর্যৰ শিৰােনামৰে ভৰপূৰ ছেলফীসমূহৰ ভিতৰত চতুর্থ স্থানত থাকে গুৱাহাটীৰ বেদান্ত শৰ্মা আৰু পঞ্চম স্থানত থাকে মৰিগাঁৱৰ হাফিজুল হক চৌধুৰী।আনহাতে এই প্রতিযােগিতাত গুৱাহাটীৰ হর্ষিতা ৰাজবংশী ষষ্ঠ স্থান, টিহুৰ ভাস্বতী দেৱীয়ে সপ্তম স্থান, নলবাৰীৰ ভাগ্যশ্রী তালুকদাৰ অষ্টম স্থান, গুৱাহাটীৰ কৃতার্থ মেধি নৱম স্থান আৰু ক্ষেত্ৰীৰ কার্তিক বৰুৱাই দশম স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে প্রথম তিনিগৰাকী বিজয়ী প্রতিযােগীয়ে বিচ্ছুৰিত বর্ণালীভাল খবৰৰ তৰফৰ পৰা আকর্ষণীয় পুৰস্কাৰ লাভ কৰাৰ লগতে বাকী পাঁচগৰাকীৰ ফটো বিচ্ছুৰিত বৰ্ণালীৰ নৱেম্বৰৰ সংখ্যাত প্ৰকাশ কৰা

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close