অসমশীৰ্ষ

বান সাহায্য লৈ বৰপেটাত জুবিন গাৰ্গ

সাহায্য প্ৰদানৰ লগতে আছুৰ সহযোগত সুন্দৰীদিয়াত অনুষ্ঠিত কৰিলে স্বাস্থ্য শিবিৰ; মফিদুল হক ,বৰপেটা

বানত সৰ্বস্বান্ত হৈ পৰিছে ৰাজ্যবাসী ৷ বানপীড়িতৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যৰ শিল্পী, সাহিত্যিক, ব্যৱসায়ীৰ লগতে বিভিন্ন সংস্থা ৷ ইপিনে জুবিন গাৰ্গৰ নেতৃত্বত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনে বানত সৰ্বস্বান্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ৷ ৰাজপথত বান সাহায্য সংগ্ৰহৰ পৰা আৰম্ভ কৰি বানপীড়িতৰ সহায়ৰ বাবে বিভিন্ন শিবিৰত উপস্থিত হৈ সহায় আগবঢ়োৱাৰ লগতে বিভিন্ন স্থানত আয়োজন কৰিছে চিকিৎসা শিবিৰৰ ৷ যোৱাকালি বৰপেটাৰ সুন্দৰীদিয়াত জুবিন গাৰ্গৰ নেতৃত্বত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছন, জুবিন ফেন ক্লাব আৰু বৰপেটা জিলা ছাত্ৰসন্থাই অনুষ্ঠিত কৰে এক স্বাস্থ্য শিবিৰ ৷জুবিন গাৰ্গৰ লগতে পত্নী গৰিমা গাৰ্গ, গায়ক দিগন্ত ভাৰতী আদিৰ উপস্থিতিত বৰপেটাৰ সুন্দৰীদিয়াত অনুষ্ঠিত চিকিৎসা শিবিৰত অঞ্চলটোৰ বানপীড়িত লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয় ৷ আনহাতে জুবিন ফেন ক্লাব আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনে বানপীড়িতৰ মাজত বিতৰন কৰে সাহায্য সামগ্ৰী ৷
ইপিনে প্ৰতিবছৰে বানে কপা ক্ষতিৰ কথা উল্লেখ কৰি বানৰ এক বিজ্ঞানসন্মত সমাধানৰ ব্যৱস্থা হাতত লবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ আহ্বান জনায় জুবিন গাৰ্গে ৷

 

আনহাতে সাহায্য শিবিৰত অংশ লোৱা শিল্পীসকলে বানপানীড়িত ৰাইজক বিভিন্ন ধৰনে সহায় আগবঢ়োৱাৰ কথা উল্লেখ কৰাৰ লগতে বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰাৰ বাবেও চৰকাৰক দাবী জনায়

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close