অসমশীৰ্ষ

বানপানীৰ ভয়াবহতা পাহৰি কামপুৰৰ চাংচকী পথাৰত এজাক মহিলা

ৰূপ জ্যোতি ভূঞা, কামপুৰ

এতিয়া শাওন মাহ । ন – ভূঁইত চহা কৃষকৰ জীৱন আৰু সপোন ৰচাৰ সময় ।শাওঁন মাহ অহাৰ লগে লগে সেউজীয়া দপোন দেখি শাওঁনৰ বোকা পথাৰত কঠিয়া ন ভূঁই ৰোৱাত ব্যস্ত সকলো ।কিন্ত শাওঁন মাহত কামপুৰৰ কৃষকৰ মাজত এখন বিপৰীত ছবি ।প্ৰলংকাৰী বানে কৃষকৰ সকলো সপোন চুৰমাৰ কৰি লৈ গল ।তথাপিও বানপানীৰ ভয়াবহতা পাহৰি কামপুৰৰ চাংচকী পথাৰত ব্যস্ত হৈ পৰিছে এজাক মহিলা ।প্ৰকৃতিৰ ধবংশ লীলাৰ পাছতো চাংচকীৰ সাৰথি আত্ম সহায়ক গোটৰ মহিলা সকল ব্যস্ত হৈছে কৃষি কৰ্মত ।
কবি ৰাম গগৈ ভাষাৰে “মেঘমুক্ত নীলাকাশ ।সূৰ্যস্নাত ক্লদদময় হে বিশাল পথাৰ বিশাল বিপুল সম্ভৱা ।নাঙলৰ সিৰুলুত সোণফলা মাটিৰ কামনা ——” ।প্ৰলয়ংকাৰী বানে তচনচ কৰি যোৱা কামপুৰৰ পথাৰত শাওঁনৰ এই ছবি খন দেখিবলৈ ।মুৰে কপালে হাত দিছে কৃষকে ।তথাপিও এনে দুৰ্দশাৰ পিছতো উদ্যম হেৰুৱা নাই এজাক মহিলাই।সাৰথি আত্ম সহায়ক গোটৰ এই সকল মহিলাই পাঁচ বিঘাকৈ মাটি বন্ধকত লৈ কৃষিকৰ্মত নামিছিল যদিও বানপানীয়ে কঠিয়া বোৰ মাৰি পেলালে ।সেয়ে ৷ দুই কি: মিটাৰ দূৰৰ পৰা কঠিয়া আনি সেউজীয়া কৰিছে পথাৰ খন ৷ আত্মসহায়ক গোটটোৰ এই কৃষিকৰ্মক সকলোৱে শলাগ লৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close