
প্ৰৱল ইচ্ছাশক্তি আৰু কঠোৰ অধ্যাৱসায়ৰ বলত যিকোনো ক্ষেত্ৰতেই মানুহে লাভ কৰিব পাৰে সফলতা।তাৰেই এক জ্বলন্ত উদাহৰণ হ’ল বাংগালুৰুৰ মধু এম চি। বাছ কণ্ডাক্টৰৰ কাম কৰা মধু এম চিয়ে দৈনিক ৮ ঘণ্টাকৈ কাম কৰি প্ৰতিদিনে ৫ ঘণ্টাকৈ অধ্যয়ন কৰি UPSC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ২০১৯ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ মেইনচ্ পৰীক্ষাত উত্তীৰ্ণ হৈছে। অহা ২৫ মাৰ্চ তাৰিখে চুড়ান্ত সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব মধু।অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান মধুৱে ঘৰখন চলাবৰ বাবে ১৯ বছৰ বয়সৰ পৰাই বাছ কণ্ডাক্টৰৰ কাম কৰি আহিছে। দূৰ শিক্ষাৰ জৰিয়তে ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল মধু এম চিয়ে।সফলতা লাভ কৰাৰ পিছত মধুৱে কয় যে, কিদৰে UPSCৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব লাগে, সেইবিষয়ে Youtubeৰ জৰিয়তে যথেষ্ট ভিডিঅ’ চাইছে তেওঁ। ২০১৪ চনত মধুৱে কৰ্নাটক লোকসেৱা আয়োগৰ পৰীক্ষাতো অৱতীৰ্ণ হৈছিল যদিও সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।২০১৮ চনত প্ৰথমবাৰৰ কাৰণে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও সফলতা লাভ কৰা নাছিল। কিন্তু প্ৰৱল ধৈৰ্য আৰু কঠোৰ অধ্যৱসায়ৰ বলত অৱশেষত ২০১৯ চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ মেইনচ্ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ২৯ বছৰীয়া যুৱকজন।