আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

বাগিচাত গুপ্তধনৰ সন্ধান

সৰুতে সাধুকথাত প্ৰায়ে পঢ়িছিলাে গুপ্তধনৰ কাহিনী। মাজে মাজে ইয়াক লৈ সপােনাে দেখিছিলাে। যদিহে সাধুকথাৰ লেখীয়া এদিনাখন কোনাে গুপ্তধনৰ সন্ধান পায় তেন্তে আপুনি কি কৰিব ভাবি চাইনেনে? ধৰি লওক সােণ-ৰূপ, মণি-মুকুতাৰে ঠাহ খাই থকা এটি বাকচ। হয়তাে ভাবিয়েই মনটো ভাল লাগিছে। কিন্তু লগে লগে মনলৈ প্রশ্নও উত্থাপন হৈছে এয়া বাস্তৱ জীৱনত জানাে সম্ভৱ ? কিন্তু এই অসম্ভৱ যেন লগা কথাটো সম্ভৱ হৈ উঠিছে এইখন পৃথিৱীতে। সাধুকথা নহয় বাস্তৱ জীৱনত পােৱা গৈছে গুপ্তধনৰ সন্ধান। শেহতীয়া তথ্য অনুসৰি নিউয়র্ক ষ্টেটেন আইলেণ্ডৰ বাসিন্দা মেথিউৰ বাগিচাত গুপ্তধনৰ সন্ধান পােৱা গৈছে। ষ্টেটেন আইলেণ্ডত মেথিউ দম্পতীৰ এখন সৰু বাগিচা আছে। বাগানৰ পিছৰ অংশ প্রায় খােলা অৱস্থাত আছে সেয়ে মাজে সময়ে তালৈ হৰিণ সােমাই বাগানৰ পাত খাই তহিলং কৰে। কেইদিনমান পূর্বে বাগিচাত নতুন গছ ৰুবলৈ মাটি চহাবলৈ যাে-জা চলাওতেই উৰহী গছৰ ওৰ ওলাই পৰে। তেওঁলােকে মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে এটি মামৰে ধৰা বাকচ। প্রথম অৱস্থাত তেওঁলােকে এইটো কেবল বাকচ বুলি ভাবিছিল।বাকচটো খােলাৰ পাছতেই তেওঁলােকৰ চকু কপালত উঠে। কিয়নাে বাকচটোৰ ভিতৰত আছিল পর্যাপ্ত পৰিমাণৰ ধন-সােণ, হীৰা-মুকুতা আদি। এক সাক্ষাৎকাৰত মেথিউ দম্পতীয়ে কয় যে বাকচটোৰ ভিতৰতপ্ত লাখ টকা, সােণাৰ আঙঠি গহনাৰ লগতে বহু মূল্যৱান মণি-মুকুতা উদ্ধাৰ হৈছিল। এই অগাধ সম্পত্তিৰ সন্ধান পাই মেথিউ সম্পতীয়ে আনন্দত মতলীয়া হৈছিল যদিও কিন্তু এই সম্পত্তিৰ তেওঁলােক প্রকৃত মালিক নহয়। বাকচটোৰ ভিতৰত ভালকৈ চোৱাত এটি ঠিকনাৰ সন্ধান পায়। ঠিকনা অনুসৰি এই সম্পত্তিৰ মালিক আছিল তেওঁলােকৰ ওচৰৰ এজন প্রতিবেশী। অন্য এক তথ্য অনুসৰি চৰৰ চনত সেই প্রতিবেশী গৰাকীৰ ঘৰত এক ভয়ংকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছিল। তাৰেই যেন এক প্রমাণ এই উদ্ধাৰিত বাকচটি। কিন্তু কোনে এই বাকচটো বাগানত পুতি থৈছিল সেয়াও এক লক্ষণীয় বিষয়। কাৰণ যিয়ে নহওক কিয় হেৰুৱা সম্পদ পুনৰবাৰ উভতাই পাই হতবাক হৈ পৰিছে প্রতিবেশীগৰাকী। উল্লেখ্য যে বর্তমান উদ্ধাৰিত এই বাকচটো চাবলৈ বহু লােকৰ ভিৰ পৰিলক্ষিত হৈছে। সকলােৱে এই মহান কামৰ বাবে মেথিউ দম্পতীক প্রশংসাৰে উপচাই পেলাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close