ৰাষ্ট্ৰীয়শীৰ্ষ

বন্য প্রাণীৰ অনাথালয়

যি সময়ত বন্যপ্রাণীসমূহৰ ওপৰত নির্মম অত্যাচাৰ তথা হত্যাৰ নিধনযজ্ঞ অব্যাহত আছে তেনে সময়তে এহাল দম্পতীয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰা ব্যতিক্রমী পদক্ষেপে সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। মাদাৰ টেৰেছাই অনাথ আলয় স্থাপন কৰি মানৱতাৰ উজ্বল নিদর্শন দাঙি ধৰা কথাটো হয়তাে সকলােৰে মনত আছে। কিন্তু আজি আমি আপােনালােকক এহাল দম্পতীৰ সৈতে পৰিচয় কৰাই দিবলৈ ওলাইছাে। মাদাৰ  টেৰেছাৰ সমান্তৰালকৈ প্রায় একেই কাম কৰি বর্তমান সকলােৰে আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে এইহাল দম্পতী। নাগপুৰৰ প্রায় ৩৫০ কিঃমিঃ নিলগৰ মহাৰাষ্ট্ৰত হেমেলকাচা নামৰ এখন গাঁও অৱস্থিত। এইখন গাঁৱতে বাস কৰে ড° প্রকাশ আৰু মন্দাকিনী আমটে নামৰ দম্পতীহালে।

তেওঁলােকে এখন অনাথ আলয় স্থাপন কৰি মানৱতাৰ উজ্বল নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। কিন্তু এই অনাথ আলয়খন কেনাে অনাথ শিশুৰ বাবে নহয়। এই অনাথ আলয়খন একমাত্র বন্য প্রাণীৰ বাবেহে। কথাষাৰ আচৰিত যদিও এয়াই সত্য। হেমেলকাচা গাঁৱৰ প্রায় ৫০ একৰ হেক্টৰ মাটিত এইপশু অনাথ আলয়খন স্থাপন কৰা হৈছে। যি অনাথ আলয়খন বর্তমান বন্য প্রাণীসমূহৰ আৱাসস্থলী। বর্তমান ইয়াত ৯০ টাতকৈয়াে অধিক বন্যপ্রাণী আছে আৰু ক্রমান্বয়ে ইয়াৰ জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এই পশু অনাথ আলয়খন চোৱাচিতা কৰে এই দম্পতীহালে। তেওঁলােকে বিগত ৪৫ বছৰ ধৰি এই কার্যত মনােনিৱেশ কৰি আছে। যদিহে আপুনি ভাবিছে যে ইয়াত কেৱল হৰিণ বা ময়ূৰেই আছে তেনে নহয় ইয়াত নাহফুটুকী, ভালুক, ঘঁৰিয়াল, গুইসাপৰ লগতে বিভিন্ন বিষাক্ত সাপ আদিও এই ঘৰৰে বাসিন্দা।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এয়ে যে এই জন্তুসমূহক কোনাে প্রশিক্ষণ প্রদান কৰা হােৱা নাই। ড° প্রকাশৰ দেউতাক আছিল এজন সমাজসেৱক। দেউতাক মুৰুলীধৰ দেৱীদাসৰ পূর্বৰ পৰাই সপােন আছিল হেমেলকাচা গাঁওখনৰ বাবে কিছু বিশেষ কৰা। এই সপােনৰ বাস্তৱ ৰূপ দিবলৈ উঠিপৰি লাগিছিল ড’ প্রকাশ তথা পত্নীয়ে। এদিনাখন ড° প্রকাশ আৰু তেওঁৰ পত্নী এক ভয়ংকৰ ঘটনাৰ সাক্ষী হৈ ৰৈছিল। যি ঘটনাই তেওঁলােকক আচৰিত কৰি তুলিছিল। তেওঁলােকে দেখিছিল যে কেইজনমান মানুহে বান্দৰ এটি বান্ধি লৈ গৈছিল। উদ্দেশ্য আছিল ভক্ষণ কৰাৰ। এই দৃশ্য দেখি তেওঁলােকে বহু দুখ পাইছিল। তেওঁলােকে বহু বুজালে যে এই জন্তুসমূহক হত্যা কৰাৰ পৰিৱর্তে সিহঁতক এৰি দিলে আমাৰ বনজ সম্পদসমূহ ৰক্ষা পৰিব। এনে কৰিলে তাৰ বিনিময়ত গাঁৱৰ মানুহক সহায় কৰিব বুলি প্রতিশ্রুতি প্রদান কৰিলে। প্রতিশ্রুতি অনুসৰি সেইদিন ধৰি প্রকাশ দম্পতীয়ে সিদ্ধান্ত ল’লে যে তেওঁলােকে গােটেই জীৱন এই গাঁৱতে কটাব।

দেউতাকৰ সপােন পূৰণ কৰিবলৈ ড° প্রকাশে প্রথমতে বান্দৰ, হৰিণা, কুকুৰ, বাঘকলৈ মুঠ বাৰটা বন্য জন্তুক লৈ এই অনাথ আলয় স্থাপন কৰে। লাহে লাহে সংখ্যা বঢ়াৰ লগে লগে ইয়াৰ পৰিধি বঢ়াবলগীয়া হয়। মিচেচ আমটে পূর্বৰ পৰাই দুটি সন্তানৰ মাতৃ যদিও বর্তমান ডজনতকৈয়াে অধিক অনাথ জন্তুৰ মাতৃ তেওঁ। মাতৃস্নেহ দিনক দিনে যেন বৃদ্ধি পাবলৈহে ধৰিছে। প্রকাশ দম্পতীয়ে অনাথ বন্য প্রণীসমূহক নিজৰ সন্তানৰ দৰে লালন পালন কৰে। সিহঁতেও নিজৰ পিতৃ-মাতৃৰ দৰে জ্ঞান কৰে তেওঁলােকক। তেওঁলােকৰ মৃত্যুৰ পিছতাে এই পৰম্পৰা অটুট ৰখাটো বিচাৰে তেওঁলােকে। সেয়েহে তেওঁলােকৰ দুজন। নাতিনিয়েকে ইতিমধ্যে এই সম্পর্কে সকলাে জ্ঞান আয়ত্ব কৰিছে। সঁচাকৈয়ে তেওঁলােকে যে বনৰীয়া জন্তুসমূহক কেৱল মৰমৰ ভাষা শিকাইছে তেনে নহয়। সমগ্ৰ ভাৰততে তেওঁলােক মানৱতাৰ মিচাইল মেন’ হৈ পৰিছে। ভাৰতবৰ্ষত বর্তমান সকলােৱে ধৰ্মৰ কথা কয় কিন্তু যেতিয়ালৈকে আমাৰ মাজত ড° প্ৰকাশৰ দৰে মানুহ জীয়াই আছে তেতিয়ালৈকে মানৱতাই যে শ্রেষ্ঠ ধর্ম হিচাপে চিহ্নিত হ’ব তাত কোনাে সন্দেহ নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close