বিশেষশীৰ্ষসৃজন

বন্ধুৰ প্ৰয়ােজনীয়তা

চন্দ্রা কলিতা

জীৱনত সফলতা লাভ কৰিবলৈ এজন ভাল আৰু বিশ্বাসী বন্ধুৰ খুবেই প্রয়ােজন। এই বন্ধুত্ব বিভিন্ন ধৰণৰ হ’ব পাৰে। প্রেমৰ মাজেদি বন্ধুত্ব গঢ়ি উঠা, শ্ৰেণীৰ সহপাঠীৰ স’তে বন্ধুত্ব গঢ়ি উঠা বা ফুৰোঁতে বাটত হঠাৎ চিনাকি হৈ বন্ধুত্ব গঢ়ি উঠা। অৱশ্যে বন্ধুত্ব গঢ়ি উঠাৰ ক্ষেত্ৰত নিজে সাৱধানতা অৱলম্বন কৰা খুৱেই প্রয়ােজন। কাৰণ কিছুমান ব্যক্তিৰ লগত বন্ধুত্ব গঢ়িলে চিকাৰৰ বলি হ’ব লগা হয়। শ্ৰম আৰু একাগ্রতাৰে নিজৰ ভাগ্য নিজে গঢ়িব পাৰি আৰু এজন বিশ্বাসী বন্ধুৰ ইতিবাচক সহযােগিতা থাকিলে সেইজন ব্যক্তিৰ সলনি ভাগ্যৱান কোনাে হ’ব নােৱাৰে। যেনেকৈ শুদ্ধ পথেৰে উপাৰ্জন কৰা ধনেহে সকলাে সুখ উপহাৰ দিয়ে, ঠিক তেনেকৈ এজন সৎ আৰু বিশ্বাসী বন্ধুৱেও সৎ জীৱনযাপনত জীৱন বাটৰ লগৰী হৈ অনাবিল আনন্দ দিয়ে। আহক তেন্তে আমি সকলােৱে এজন সৎ আৰু বিশ্বাসী বন্ধুৰ সংজ্ঞা বিচাৰাে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close