অসমবিশেষশীৰ্ষ

বড়াে ভূমিত শান্তিৰ কপৌ

আনুষ্ঠানিকভাৱে ১৬১৫ গৰাকী এনডিএফবি সদস্যৰ আত্মসমর্পণ

তৃতীয়খন বড়াে চুক্তি স্বাক্ষৰিত হােৱাৰ পাছতে বড়াে ভূমিত শান্তি প্রতিষ্ঠা হােৱাৰ দিশে গতি কৰিছিল। আজি জিএমচিএইচ প্রেক্ষাগৃহত এনডিএফবিৰ আটাইকেইটা গােটৰ ১৬১৫ গৰাকী নেতা আৰু কেডাৰে আনুষ্ঠানিকভাৱে আত্মসমর্পণ কৰি মূলসূতিলৈ ঘূৰি আহে। আজি এনডিএফবি প্রগতিশীলৰ ৮৩৬ এনডিএফবি ৰঞ্জন দৈমাৰী গ্রুপৰ ৫৮৯ আৰু এনডিএফবি চাওৰাই গৌড়া গ্রুপৰ ২০০ জন সদস্যই ১৭৮টা অত্যাধুনিক মাণাস্ত্র, ৪৮০৩ জাই সজীৱ গুলী, ১৪টা গ্রেণেড, এটা মর্টাৰসহ আনুষ্ঠানিকভাৱে আত্মসমর্পণ কৰে। আত্মসমর্পণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল। আজিৰ অনুষ্ঠানত বিত্ত মন্ত্রী হিমন্ত বিশ্বশর্মা, মন্ত্রী কেশৱ মহন্ত, বিটিচি প্রধান হাগ্রামা মহিলাৰী, এবছুৰ সভাপতি প্রমােদ বড়াে, ডিজিপি ভাস্কৰজ্যোতি মহন্তকে আদি কৰি অসম চৰকাৰৰ শীর্ষ বিষয়া উপস্থিত থাকে। অস্ত্র সম্বৰণ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শান্তিৰ যােগেদিহে প্রগতি সম্ভৱ বুলি আত্মসমর্পণকাৰী সদস্যসকলৰ সমাজত সংস্থাপিত হৈ এখন শক্তিশালী অসম গঢ়িবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close