অসমবিশেষশীৰ্ষ

ফ্লিপকাৰ্ডত উপলব্ধ হব অসমৰ থলুৱা সামগ্ৰী

শীঘ্ৰে জনপ্ৰিয় অনলাইন মাৰ্কেটিং প্লেটফৰ্ম ফ্লিপকাৰ্ট আৰু অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মাজত স্বাক্ষৰ হ’ব এখন চুক্তি। এই সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হৈ যায় ফ্লিপকাৰ্টৰ বিষয়া আৰু অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত সচিব ড০ কে কে দ্বিবেদীৰ মাজত।এই বৈঠকত সিদ্ধান্ত লোৱা হয় যে শীঘ্ৰে অসম চৰকাৰ আৰু ফ্লিপকাৰ্টৰ মাজত স্বাক্ষৰিত হ’ব এখন বুজাবুজিৰ চুক্তি। সেই অনুসৰি অসমৰ থলুৱা শিল্পী, গহণা প্ৰস্তুতকৰ্তা, ক্ষুদ্ৰ চাহ খেতিয়ক, জৈৱিক কৃষিৰ উৎপাদিত সামগ্ৰী অনলাইন প্লেটফৰ্ম ফ্লিপকাৰ্টক যোগান ধৰা হ’ব। ফ্লিপকাৰ্টে এইক্ষেত্ৰত জড়িত হৈ থকা লোকসকলৰ বাবে এক প্ৰশিক্ষণৰো আয়োজন কৰিব যাতে বিশ্বজুৰি অনলাইন ষ্ট’ৰত এই সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close