
দেশ-বিদেশত অসমৰ নাম উজলাই তােলা অসমৰ সংঘমিত্রা ফুকনে ইতিমধ্যে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইটা বহুজাতিক কোম্পানীৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি লাভ কৰিছে। বভিন্ন সময়ত অসম তথা উত্তৰ পূর্বাঞ্চললৈ অহা বহু পর্যটকে অসমৰ সৌন্দর্য, সংস্কৃতি, মানুহ তথা প্রতিভাৰ কথা কৈ গৈছে। ১৮ শতিকাত ৰবার্ট ব্রুছ চাহাবে তেতিয়াই কৈ গৈছিল, “অসম এনেকুৱা এখন ঠাই যত শুকান বন এডাল মাটিত পেলাই দিলেও সি গজালি মেলে। ব্রুছ চাহাবৰ সেই কথাক বিভিন্ন সময়ত অসমৰ বিভিন্ন প্রতিভাসম্পন্ন যুৱক-যুৱতী তথা কিশােৰ-কিশােৰীয়ে প্রমাণিত কৰি আহিছে নিজৰ প্ৰতিভাৰ জৰিয়তে। এইখন অসমৰে বিশ্ববিখ্যাত মুগা শিল্পক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ মানসেৰে সংঘমিত্রা ফুকনে আৰম্ভ কৰিছে ‘সংঘমিত্রা ফুকন ডট কম’ নামেৰে এটি অনলাইন ষ্ট’ৰ। শেহতীয়াকৈ অসম চৰকাৰে অসমৰ ৰেচম উদ্যোগ খণ্ডক অধিক উন্নত কৰাৰ বাবে লােৱা পদক্ষেপৰ প্রতি লক্ষ্য ৰাখি আৰম্ভ কৰা সংঘমিত্রা ফুকনৰ এই অনলাইন। ষ্ট’ৰত থাকিব মুগা সাজ-পাৰৰ লগতে বিভিন্ন ফেব্রিক। আনহাতে, সংঘমিত্রাৰ তত্বাৱধানত তথা তেওঁৰ মুগাৰ সাজ-পাৰৰ ব্যতিক্রমী ডিজাইনত অলপতে মহানগৰীৰ হােটেল টাজ ভিভান্টাত অনুষ্ঠিত হয় এটি ফেশ্বন শ্ব’, যত বহুকেইগৰাকী জনপ্রিয় মডেলে মুগাৰ সাজ-পাৰ পৰিধান কৰি ৰেম্পত খােজ দিয়ে।
এটি ব্যক্তিগত সাক্ষাৎকাৰত সংঘমিত্রা ফুকন, ৰাজশ্রী ফুকন, অংশুমান ফুকন আৰু লণ্ডনৰ তেওঁৰ সহযােগী যােছেফ ৰডিঅ’ই কয়, “আমি মুগা আৰু অন্যান্য স্থানীয় হস্ত তাঁতৰ কাপােৰক অন্য এক মাত্রা দিয়াৰ প্রয়াস কৰিছোঁ। স্থানীয় বােৱনীসকলৰ সহযােগত আমি মুগা শিল্পক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ জৰিয়তে মুগা শিল্পৰ লগত জড়িত স্থানীয় কলা-কুশলীসকলাে উপকৃত হব। উল্লেখ্য যে অসমীয়া ছবিজগতৰ ছুপাৰষ্টাৰ প্রয়াত বিজু ফুকন আৰু তেওঁৰ পত্নী ৰাজশ্রী ফুকনৰ অনুপ্ৰেৰণাত জীয়ৰী সংঘমিত্রা ফুকনে অতি কম বয়সতে দেশ-বিদেশৰ ফেশ্বন জগতত প্রৱেশ কৰি ৰিব’ক, ইউনাইটেড কালাছ অৱ বেনিটন কোম্পানী, নেছকেফে আদিৰ দৰে বহুকেইটা আন্তৰাষ্ট্রীয় কোম্পানীৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি লাভ কৰিছে।