বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ফুটপাথৰ পৰা গৈ কোটিপতি

ৰোল মেনিয়াৰ পুণিতৰ সংগ্রামৰ কাহিনী

খালী পকেট লৈ মথুৰাৰ পৰা পুণেলৈ আহিছিল এজন ১৮ বছৰীয়া যুৱক। নাম পুণিত কঞ্চল। দুচকুত আছিল সফল ব্যৱসায়ী হােৱাৰ উদিত স্বপ্ন। পকেট খালী। কি কৰিব? সৰুৰে পৰা ৰােল খাই ডাঙৰ-দীঘল হােৱা ১৮ বছৰীয়া যুৱকজনৰ হেঁপাহ এখন ৰেষ্টুৰেণ্ট  খােলাৰ। সমুখত ৰােল ব্যৱসায়ৰ পৰিকল্পনা এটা প্রস্তুত কৰি ৰৈ আছে পুণিত। এতিয়া সেই পুণিতেই বিখ্যাত ৰােল মেনিয়াৰ কোটিপটি ব্যৱসায়ী। সম্প্রতি সমগ্ৰ ভাৰতত ৰােল মেনিয়াৰ আছে এশতকৈ অধিক আউটলেট। বছৰি ৩৫ কোটিৰ ব্যৱসায় কৰা পুণিতৰ ৰােল মেনিয়াই ভাৰতৰ ৩০খন চহৰক সামৰি  লৈছে। য’ত প্রতিদিনে ১২ হাজাৰ ৰােল বিক্ৰী কৰা হয়।এই সফল ব্যৱসায়ৰ অন্তৰালত নিহিত আছে প্রৱল ইচ্ছা শক্তি আৰু হাড়ভগা শ্রম। দহ বছৰ আগতে ৰােলৰ নষ্টালজিয়া লৈ পুণেত প্রদাৰ্পণ কৰিছিল পুণিতে। গ্রাহকক স্বাস্থ্যসন্মত ৰােলৰ লগতে ঘৰৰ সােৱাদ দিয়াৰ বাবে উদগ্রীৱ হৈ ৰৈ আছিল পুণিত। এজন স্কুলীয়া বন্ধুই পুণিতৰ হাতত তুলি দিছিল ২০ হাজাৰ টকা। এয়া আছিল ২০০৯ চনৰ কথা। এখন ৰেষ্টুৰেণ্টৰ সমুখত সৰু টেবুল এখন লৈ বহি পৰিল পুণিত। আৰু আৰম্ভ কৰিলে ৰুটীৰ ৰােলৰ ব্যৱসায়।

সাধাৰণতে পৰঠাত বিভিন্ন প্রকাৰৰ চজি, কণী, মাছমাংসৰে ৰােল বনােৱা হয় যদিও ৰুটীৰ ৰােল সুকীয়া।নষ্টালজিক এই সােৱাদ পুনৰ গ্ৰাহকক দিয়াবলৈ সম্পূৰ্ণ ৰূপে ব্ৰতী হৈ পৰিল পুণিত। কম মূল্যত সু-স্বাদু ৰােল পােৱাৰ পিছত গ্রাহকৰ ভিৰ লাগিবলৈ আৰম্ভ কৰে পুণিতৰ সৰু দোকানখনত৷ ৰেষ্টুৰেণ্টৰ সমুখত এখন সৰু দোকান। নিশ্চিতভাৱে ৰেষ্টুৰেণ্টৰ মালিকৰ ৰােষৰ বলি হ’ব ব্যৱসায়ীগৰাকী। পুণিতক দোকানখন উঠোৱাৰ বাবে হেঁচা প্রয়ােগ কৰা হ’ল। এতিয়া কি কৰিব পুণিতে….। পুণিতৰ সৰু দোকানখনৰ গ্রাহক আছিল গগণ ছিয়াল আৰু সুখপ্রীত ছিয়াল। সৰু দোকানখন বন্ধ কৰিবলগীয়া পৰিস্থিতি হােৱাৰ বাবে বিষগ্ন হৈ পৰিছিল পুণিত। এখন ৰেষ্টুৰেণ্ট দিয়াৰ মনত হাবিয়াস। পকেটত নাই ধন। তেনে অৱস্থাত কি কৰা যায়। পুণিতৰ মনােভাৱ উপলব্ধি কৰিছিল গগণ আৰু সুখপ্রীত ছিয়ালে। অৱশেষত গগণ আৰু সুখপ্রীত আগবাঢ়ি আহিল পুণিতক সহায় কৰিবলৈ। আৰু আৰম্ভ কৰিলে ৰােল মেনিয়াৰ প্ৰথমখন ৰেষ্টুৰেণ্ট। ২০১০ চনত আৰম্ভ কৰা এই ৰােল মেনিয়াই সম্প্রতি দেশৰ ফাষ্ট ফুডৰ বজাৰখনত আধিপত্য বিস্তাৰ কৰিছে। সম্প্রতি ৩০ খনতকৈ অধিক চহৰত ১০২খন ফ্রেনছাইজি আছে ৰােল মেনিয়াৰ। এই সন্দৰ্ভত পুণিত কঞ্চলে কয় যে, ৰােল মেনিয়াৰ ফ্ৰেনছাইজি খােলাৰ দ্বাৰা দেশৰ ফাষ্ট ফুডৰ বজাৰখনত আধিপত্য বিস্তাৰ কৰাৰ বাবে তেওঁলােকে চিন্তা-চৰ্চা আৰম্ভ কৰিছিল ২০১৬ চনত। মুম্বাইত তেওঁলােকে ফ্রেনছাইজি আৰম্ভ কৰিছিল। ২০১৬ চনত ২০খন ষ্ট’ৰ খােলাৰ পিছত ২০১৭ চনত ৪৫খন ফ্রেনছাইজি খুলিবলৈ সক্ষম হৈছিল। ৰােল মেনিয়াৰ প্রতি গ্রাহকৰ আকৰ্ষণ ইমানেই বাঢ়িছিল যে, এতিয়ালৈকে ২০/২৫ লাখ টকা বিনিয়ােগ কৰা ব্যৱসায়টোৱে ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। পুণিতৰ মত অনুসৰি শেহতীয়াকৈ ভাৰতত ৫০ বিলিয়ন মার্কিন ডলাৰৰ খাদ্য যােগানকাৰী বজাৰ এখন আছে।

আনহাতে খাদ্য যােগানৰ ক্ষেত্ৰত দ্রুত সেৱাৰ বজাৰখন সম্প্রতি ৪.১ বিলিয়ন ডলাৰলৈ গতি কৰিছে। প্রতি বছৰে ২০ৰ পৰা ৩০ শতাংশলৈ বৃদ্ধি পাইছে খাদ্য যােগানৰ সেৱাৰ প্ৰসাৰ। তেনে ক্ষেত্ৰত ঘৰতে বহি খাদ্য অর্ডাৰৰ জৰিয়তে সময় ৰাহিকৰা লােকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।নতুন প্রজন্মই অনলাইনৰ জৰিয়তে খাদ্য অর্ডাৰ কৰি সময় ৰাহি কৰিবলৈ অধিক পছন্দ কৰে। তেনে ক্ষেত্ৰত দিনক দিনে দ্রুত খাদ্য সেৱাৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিছে। এনে ক্ষেত্ৰত আধা ঘণ্টাৰ ভিতৰত তেওঁলােকৰ খাদ্য যােগান ধৰা সেৱা সমূহক অধিক পছন্দ কৰে গ্ৰাহকসকলে। যি ৰােল মেনিয়াই ধাৰাবাহিকভাৱে পালন কৰি আহিছে। কোনাে এজন গ্রাহকে খাদ্যৰ অৰ্ডাৰ দিলেই ত্রিশ মিনিটৰ ভিতৰত গন্তব্যস্থলীত যােগান ধৰা হয়। ইয়াৰ বাবেই সমগ্র দেশতে ৰােল মেনিয়াৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close