অসমভাল খবৰশীৰ্ষ

পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক, ভাল খবৰ: ২০১৮- ১৯ বৰ্ষৰ কাৰণে পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ কাজিৰঙাৰ মিহিমুখত বনমন্ত্ৰী পৰিমল শোক্লবৈদ্য, কৃষিমন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ধেমাজিৰ বিধায়ক ৰনোজ পেগু আৰু পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ফিটা কাটি পৰ্যটকৰ বাবে মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখন৷

উল্লেখ্য যে, প্ৰতিকূল বতৰৰ বাবে আজি কেৱল ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰীহে মুকলি কৰা হৈছে৷ পৰৱৰ্তী সময়ত হাতী ছাফাৰীৰ লগতে উদ্যানৰ আগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চল মুকলি হ’ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ ৷

আনহাতে আজি বাগৰি বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি কৰা হয়৷ উদ্যান মুকলিৰ প্ৰথম দিনা কিছু সংখ্যক দেশী-বিদেশী পৰ্যটক উপস্থিত থাকে কঁহৰাৰ মিহিমুখত৷ উদ্যানখন মুকলিৰ পাছত কাজিৰঙা জীপ ছাফাৰী সংস্থাই আয়োজন কৰা সাংস্কৃতিক শুভাযাত্ৰাত অংশ লয় মন্ত্ৰী অতুল বৰাৰ লগতে বিধায়ক ৰনোজ পেগু৷

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close