শীৰ্ষসৃজন

পৰিৱেশ নিকা ৰখাত জৈৱ প্লাষ্টিক

ড° প্রদীপ কুমাৰ দাস

বর্তমানৰ যুগটো প্লাষ্টিকৰ যুগ বুলি ক’লেও বঢ়াই কোৱা নহয়। কাৰণ প্ৰতিটো ক্ষেত্ৰতে আমি প্লাষ্টিক ব্যৱহাৰ কৰাে। কিন্তু প্লাষ্টিক বহুল ব্যৱহাৰে পৰিৱেশ দূষিত কৰা দেখা যায়। বিশেষকৈ পলিথিন বেগৰ ব্যৱহাৰে মাটি, পানী, বায়ু আদি সকলােকে দূষিত কৰে। সেইবাবেই পৃথিৱীৰ নানা দেশত ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। সম্প্রতি ইয়াৰ সলনি আন এবিধ প্লাষ্টিক বিজ্ঞানীসকলে প্ৰস্তুত কৰি উলিয়াইছে। এই প্লাষ্টিকবােৰৰ নাম হ’ল জৈৱ প্লাষ্টিক। এই প্লাষ্টিকবিধ ব্যৱহাৰ কৰি পৰিৱেশ নিকা কৰি ৰখাত সহায়ক হৈছে।। | জৈৱ প্লাষ্টিক কিছুমান জৈৱিক পদাৰ্থৰ পৰিৱৰ্দ্ধিত ৰূপৰ পৰা তৈয়াৰ কৰা হয়। জৈৱ প্লাষ্টিকবােৰ জৈৱ ভিত্তিক পদার্থ বা সামগ্ৰীৰপৰা প্ৰস্তুত কৰি উলিওৱা হয়। | জৈৱ প্লাষ্টিকত ব্যৱহাৰ কৰা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক তিনিটা ভাগত ভাগ কৰিব পাৰি। এই ভাগকেইটা হৈছে ক্ৰমে পলিথাইলিন, পলিপ্রপাইলিন আৰু থার্মপ্লাষ্টিক পলিয়েষ্টাৰ আদি, দ্বিতীয়বিধ হৈছে পলিলেকটিক এচিড আৰু পলিহাইড্রঅক্সী আৰু তৃতীয়বিধ হৈছে জীৱাশ্ম ইন্ধন ভিত্তিক সামগ্রী যেনে পলিবুটেলিন আদি।

Plastic and other debris are seen on the shores of Cap Haitian beach, in Cap Haitian, Haiti October 9, 2018. REUTERS/Ricardo Rojas

আনহাতে জৈৱ নিষ্কাশন (biodegradable) কৰিব পৰা জৈৱ প্লাষ্টিকবােৰ হ’ল ষ্টাৰক (starch) ভিত্তিক জৈৱ প্লাষ্টিক, চেলুলােজ (Cellulose) ভিত্তিক জৈৱ প্লাষ্টিক, লিগনিন (lignin) ভিত্তিক জৈৱ প্লাষ্টিক আৰু উদ্ভিদ প্রােটিন (Plant proteins) জৈৱ প্লাষ্টিক।।

এখিনিতে উল্লেখ কৰিব পাৰি যে ৰাসায়নিক দ্রব্য বিশেষকৈ পেট্রলিয়ামৰ পৰা প্ৰস্তুত কৰা প্লাষ্টিক আৰু উদ্ভিদৰ পৰা প্ৰস্তুত কৰা প্লাষ্টিকৰ মাজত পার্থক্য আছে। ৰাসায়নিক দ্রব্যৰ পৰা প্ৰস্তুত কৰা প্লাষ্টিকত পৰিৱেশ বিনষ্ট কৰা কার্বন-ডাই-অক্সাইড থাকে আৰু বায়ুমণ্ডলত সােমাই উষ্ণতা বৃদ্ধি কৰে। আনহাতে জৈৱ প্লাষ্টিকত কার্বন-ডাই-অক্সাইড কম হােৱা হেতুকে পৰিৱেশ তেনেকৈ দূষিত নকৰে। অধ্যয়ন কৰি দেখা গৈছে যে, জৈৱ প্লাষ্টিকে শতকৰা ৪২ভাগ কার্বন পদচিহ্ন (Carbon footprint) কমাই ৰাখে। সেইবাবে শস্য-সামগ্ৰীৰ পৰা তৈয়াৰ কৰা জৈৱ প্লাষ্টিক বর্তমান নানা কামত ব্যৱহাৰ কৰা হয়।।

জৈৱ প্লাষ্টিকৰ পৰা বেগ, খাদ্য থােৱা সামগ্রী, খাদ্য ৰান্ধি থােৱা বেগ, বাতি, পাইপ আদি তৈয়াৰ কৰা হয়। তদুপৰি চিকিৎসালয়সমূহত ব্যৱহাৰ কৰা পেলনীয়া সামগ্রী বহুখিনি তৈয়াৰ কৰা হয়। ইয়াৰ উপৰি আঁহযুক্ত সামগ্রী, বস্ত্ৰ উদ্যোগত ব্যৱহাৰ আদিকে ধৰি বহু সামগ্রী জৈৱ প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হয়। গতিকে দেখা যায় যে, পৰিৱেশ নিকা কৰি ৰাখিবলৈ জৈৱ প্লাষ্টিক ব্যৱহাৰ কৰা উচিত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close