
তুমিতো জানাই
এই কবিৰ আৰু একো নাই
এটাই মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই
প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই-
এয়াই প্ৰেম। কাৰোবাৰ বাবে প্ৰেম হয়তো অনুভৱ, কাৰোবাৰ বাবে ত্যাগ। সকলোৰে বাবে প্ৰেমৰ সংজ্ঞা বেলেগ। কাৰোবাৰ বাবে সংজ্ঞাৰে ঢাকি ৰাখিব নোৱাৰি প্ৰেমৰ বিশালতাক। প্ৰেমত ফুলে শতদল, প্ৰেমত ঘুৰে ভূমণ্ডল। প্ৰেম, ভালপোৱা, য’ত কেৱল সীমাহীন আৱেগ, আশা-আকাংক্ষা। সকলৰে জীৱনলৈ প্ৰেম আহে। চুই যায প্ৰেমৰ ফাগুনে… কঠিন শিলতো আঁচোৰ পৰে। হৃদয়ৰ নদীত ঢৌ উঠে কেৱল সেউজীয়া আৰু সেউজীয়া। কোন প্ৰেমত নপৰে.. নিচলাৰ পৰা কোটিপতিলৈ। সাধাৰণ লোকৰ পৰা গ্লেমালাৰ্ছ তাৰকালৈ.. প্ৰেমৰ বাবেই যেন এক সুকীয়া পৃথিৱী।প্ৰেমৰ বাবে নাই সুকীয়াসময়, ছেকেণ্ড, দিন। কিন্তু তাৰ মাজতো এক সকীয়া সময় ভেলেণ্টাইন ডে।এয়াই প্ৰেম, অভিন্ন পৃথিৱীৰ ভিন্ন কথা। যুৱ প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় এই দিনটো।সকলোৰে এই দিনটোৰ প্ৰতি আছে সুকীয়া হেঁপাহ, সুকীয়া আশা। সময়ৰ গতিক আমি নুই কৰিব নোৱাৰো। তেওঁলোকৰ বাবে এয়া সুকীয়া দিন, কিন্তু তাৰ মাজতো আন একাংশৰ বাবে প্ৰেম সুকীয়া। কেলেণ্ডাৰৰ তাৰিখ কেইটাই য়েন বান্ধি ৰাখিব নোৱাৰে তেওঁলোকৰ প্ৰেম।আমি কাষ চাপিছিলো পৱিত্ৰ মাৰ্ঘেৰিটা আৰু গায়ত্ৰী মহন্তৰ।প্ৰেমৰ অনুভৱ জানিব বিচাৰিছিলো জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু নৱনীতা বৰুৱাৰ। তেওঁলোকৰ কি অনুভৱ প্ৰেমৰ দিনটোত-
পৱিত্ৰ মাৰ্ঘেৰিটা আৰু গায়ত্ৰী মহন্ত
ভেলেণ্টাইন ডে আমি আজিলৈকে উদযাপন কৰি পোৱা নাই। যিয়ে উদযাপন কৰিছে সেইটো তেওঁলোকৰ কথা। প্ৰেমৰ বাবে এটা দিন আছে, তাত কোনো বেয়া পাব লগা নাই। নিজে উদযাপন কৰা নাই, তাতো মই তাগিদা অনুভৱ কৰা নাই। কাৰণ আচলতে প্ৰেমিক-প্ৰেমিকাৰ বাবে প্ৰতিটো দিনেই ভেলেণ্টাইন ডে। মই আৰু গায়ত্ৰী দুয়োজনেই সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত মানুহ। দুয়োজনেই সাংস্কৃতিক ক্ষেত্ৰৰ লগত অৱধাৰিত আছিলো। ভাল পাইছিলো যদিও ইজনে সিজনক কোৱা নাছিলো। গম নোপোৱাকৈয়ে দুয়ো কাষ চাপি আহিছিলো। তাৰ পিছতে বিয়ৈৰ প্ৰস্তাৱ দিছিলো। ঘৰৰ মানুহ বিলাককো জড়িত কৰি পেলাইছিলো। এতিয়া আমাৰ হৈ গল ১১বছৰ।এতিয়ালৈকে আমি কোনোদিনেই ভেলেণ্টাইন ডে উদযাপন কৰা নাই।
যতীন বৰা আৰু নৱনীতা বৰুৱা
ভেলেণ্টাইন ডে আমাৰ অসমৰ সংস্কৃতিয়েই নহয়। যতীন বৰাৰ পত্নীৰ মতে, যতীনক যেতিয়াই লগ পায় তেতিয়াই ভেলেণ্টাইন ডে। ভেলেণ্টাইন ডে বুলি বিশেষ এটা দিন আমি উদযাপন কৰা নাই। অৱশ্যে তেনেকৈ আমাৰ ভাৱ-ধাৰাও নাহে। আমি তেনেকুৱা এটা পৰিৱেশত ডাঙৰো হোৱা নাছিলো। আমাৰ দিনত ভেলেণ্টাইন ডে বুলি বিশেষ দিন নাছিলে। দহ বছৰৰ পৰা বেছি জনপ্ৰিয় হৈছে। মই ভাবো, প্ৰেম উদযাপন কৰিবলৈ এটা বিশেষ গিন নালাগে। তুমি যদি সঁচাকৈ কৈৰোবাক ভালপোৱা, তোমাৰ বাবে প্ৰতিটো দিনেই ভেলেণ্টাইন ডে হ’ব। গতিকে প্ৰেম বস্তুটোত প্ৰেম, ভালপোৱা, ইজনে সিজনৰ ওপৰত থকা বিশ্বাস সেইটোহে আচল কথা। কোনোবা এটা বিশেষদিনত উদযাপন কৰা ডাঙৰ কথা নহয়। গতিকে মই তেনেকৈ ভাবো।