অসমবিশেষশীৰ্ষ

প্ৰাচীন ৰাভা লোক কাহিনীৰ গীতৰ অডিঅ’ কেছেট “ফাৰ প্ৰাং প্ৰাং” উন্মোচন

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

ৰাভা জনগোষ্ঠীৰ প্ৰাচীন লোক কাহিনীৰ ওপৰত আধাৰিত এটি গীতৰ অডিঅ’ কেছেট “ফাৰ প্ৰাং প্ৰাং”(দোকমোকালী) ৰ আজি দুধনৈ পৰিদৰ্শন বঙলাৰ সভাকক্ষত উন্মোচন কৰা হয় ৷ ৰাভা জনগোষ্ঠীৰ প্ৰাচীন লোকনাট্য, লোকবাদ্য, লোক কাহিনী, গীত আদি সংৰক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে জন্ম লাভ কৰা “নীলগিৰী খনছ্ৰেবা থোক” নামৰ এটি অনুষ্ঠানৰ প্ৰথম নিবেদন হিচাবে প্ৰস্তুত কৰা হয় “ফাৰ প্ৰাং প্ৰাং” অডিঅ’ কেছেটখন ৷ এই শ্ৰব্য অডিঅ’ কেছেট’টি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷ নীলগিৰী খনছ্ৰেবা থোকৰ সভাপতি তথা উন্মোচিত কেছেট খনৰ প্ৰযোজক ভবেন্দ্ৰ ৰাভা দয়নাং যে আঁতধৰা অনুষ্ঠানটোত ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কয় যে, ৰাভা জনগোষ্ঠীৰ প্ৰাচীন তথা বিলুপ্তিৰ পথত থকা কৃষ্টি-সংস্কৃতি সংৰক্ষণ, উদ্ধাৰ আৰু প্ৰচাৰ-প্ৰসাৰৰ বাবে  নীলগিৰী খনছ্ৰেবা থোকৰ যি মহৎ প্ৰচেষ্টা তাক ৰাভা হাছং পৰিষদৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হব ৷ যিসকল শিল্পীয়ে গীত সমুহ গাই ৰাভা কৃষ্টি-সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে তেওঁলোকলৈ ধন্যবাদ জনায় টংকেশ্বৰ ৰাভাই ৷ নীলগিৰী খনছ্ৰেবা থোকৰ সম্পাদক গোবিন্দ চিৰা ৰাভাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু প্ৰতিমা পাণ্ডে বঁটাৰে বিভূষিত বিশিষ্ট লোক শিল্পী তথা সাংস্কৃতিক কৰ্মী দীপক পামে পৰিকল্পনা আৰু পৰিচালনা কৰা অডিঅ’ কেছেট উন্মোচনী অনুষ্ঠানত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জ্যোতিকা ৰাভাই উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে, ৰাভা জনগোষ্ঠীৰ প্ৰাচীন লোক কাহিনী সমূহৰ লগত জড়িত গীত-মাত সমূহ অসমৰ প্ৰাচীন সম্পদ ৷ এই সম্পদক সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে নতুন প্ৰজন্মৰ যুৱক-যুৱতী সকল আগবাঢ়ি আহিব লাগে ৷ আনহাতে বিলুপ্তিৰ পথত থকা গীত-মাত সমূহ উদ্ধাৰ কৰি শুদ্ধ ৰূপত শিকিবলৈ প্ৰয়াস কৰিব লাগে ৷ “ফাৰ প্ৰাং প্ৰাং”, “অ, চাংখলা”, “আঙি মমো খাপেতা”, “ছিৰগিনি পাৰা” আৰু “বন্দনা চন্দনা” এই ৫ টি  গীতত ৰাভা প্ৰাচীন লোকবাদ্য খাম, কাঢ়ানল, বাদুংদুপ্পা, বাদুংদুঙা আৰু টেমেকা ব্যবহাৰ কৰি শিল্পী হৰেশ্বৰ দাবাং ৰাভা, ভবেন্দ্ৰ ৰাভা দয়নাং, দ্বীজেন চিৰা ৰাভা, ফুলেশ্বৰী হাদু ৰাভা আৰু ৰত্নাৱতী দাবাং ৰাভাই অতি সুন্দৰ আৰু সুমধুৰ ৰূপত পৰিবেশন কৰিছে৷উন্মোচনী অনুষ্ঠানত ৰাভা কৃষ্টি সন্মিলনীৰ সভাপতি প্ৰকাশ ৰাভা, দুধনৈ পশ্চিমাঞ্চল ৰাভা সমাজৰ উপদেষ্টা খনীন্দ্ৰ নাথ সৰকাৰ ৰাভা, সভাপতি সম্পাদকদ্বয় ক্ৰমে দেবেন্দ্ৰ চিৰা ৰাভা, অনাদি কুমাৰ ৰাভা, চাৰ্বেশ ৰাভা আৰু কেবাগৰাকী ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close