অসম

“প্ৰাচীন বায়খোদামৰ ইতিবৃত্ত ” উন্মোচন

খগেন্দ্ৰ ৰাভা, কৃষ্ণাই

ৰাভা হাছঙৰ প্ৰাণকেন্দ্ৰ দুধনৈস্থিত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱনত ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বায়খো উৎসৱ উদযাপনৰ বিভিন্ন দিশ সামৰি প্ৰনয়ণ কৰা “প্ৰাচীন বায়খোদামৰ ইতিবৃত্ত ” নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি প্ৰকাশ ৰাভাই প্ৰনয়ণ কৰা গ্ৰন্থখনৰ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভাই।ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহাৰ্যত এই গ্ৰন্থখন প্ৰকাশ কৰে সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সম্পাদক ইউলেন ৰাভাই । উল্লেখ যে, প্ৰায় আঢ়ৈশ পৃষ্ঠা সন্নিবিষ্ট উক্ত গ্ৰন্থখনত অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য মেঘালয়ত ৰাভা জনগোষ্ঠীৰ লোকসকলে প্ৰাচীন কালৰে পৰা পৰম্পৰাগত ভাৱে উদযাপন কৰা ২৮ প্ৰকাৰৰ বায়খো উৎসৱ উদযাপনৰ বিস্তৃত তথ্য সন্নিবিষ্ট কৰা হৈছে ৷ উন্মোচনী অনুষ্ঠানত দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা, ৰাভা হাছং পৰিষদৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্যা জ্যোতিকা ৰাভা, ষষ্ঠ অনুসূচী দাবী কমিটিৰ কেন্দ্ৰীয় সভাপতি মহীধৰ ৰাভা, গোৱালপাৰা জিলা সাহিত্য সভাৰ সম্পাদক বানীকান্ত ৰাভা, নিখিল ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গোপাল ৰাভা, নিখিল ৰাভা ছাত্র সন্থাৰ মেঘালয় ৰাজ্যিক কমিটিৰ বিষয়ববীয়া, উত্তৰ গাৰো পাহাৰৰ সেৱা সংঘৰ বিষয়ববীয়া, বিভিন্ন ঠাইৰ বায়খো উৎসৱ উদযাপন সমিটিৰ বিষয়বৱীয়া সকলৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close