অসমবিশেষশীৰ্ষ

প্ৰকৃতি থাকিলেহে পৃথিৱী থাকিব-এই বাৰ্তা লৈ অসমৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা অসম কন্যাৰ

ছহিজুল আলী, সৰভোগ

“প্ৰকৃতি থাকিলেহে পৃথিৱী থাকিব” এই বাৰ্তা লৈ চৰাইদেউ জিলাৰ নিজৰা ফুকন নামৰ যুৱতীগৰাকীয়ে চৰাইদেউৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ আৰম্ভ কৰিছে পদযাত্ৰা ৷ যোৱা ১ ডিচেম্বৰত চৰাইদেউৰ পৰা এই পদযাত্ৰা আৰম্ভ কৰা নিজৰা ফুকনে আজি দিনৰ প্ৰায় ২ বজাত সৰভোগত উপস্থিত হয় ৷ নিজৰা ফুকনে জনায় যে, ১ ডিচেম্বৰ তাৰিখে চৰাইদেউ ময়দানৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰা কৰি পৰিবেশ সজাগতাৰ বিষয়ে জ্ঞাত কৰিবলৈ প্ৰচেষ্টা চলাইছে ৷ এই যাত্ৰাত ৬ খন ৰাজ্যৰ প্ৰায় ২,২৫০ কিলমিটাৰ দূৰত্ব খোজকাঢ়ি প্ৰায় ৫০ হাজাৰ লোকক প্ৰত্যক্ষভাৱে পৰিবেশ সুৰক্ষাৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিব ৷ জলবায়ু পৰিবৰ্তনৰ বিষয়টোয়ে বিশ্বজুৰি চৰ্চা লাভ কৰাৰ সময়ত অসমৰ প্ৰাকৃতিক পৰিবেশ সুৰক্ষাৰ লগতে সমগ্ৰ বিশ্বজুৰি প্ৰতি দ্বায়বদ্ধ বুলি অনুভৱ কৰি তেওঁ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বনমন্ত্ৰীক সাক্ষাৎ কৰি ২০২০ বৰ্ষৰ ভিতৰত সমগ্ৰ দেশত সংবিধানৰ আধাৰত “প্ৰকৃতিৰ অধিকাৰ আইন” প্ৰনয়ণ কৰি বলবৎ কৰা, জৈৱ বৈচিত্ৰৰ উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষৰ প্ৰথমখন “পৰিবেশ বিশ্ববিদ্যালয়” স্থাপন কৰাৰ লগতে মুঠ ৮ টা দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close