অসম

প্লাষ্টিক মুক্ত হব বিশ্বনাথ চাৰিআলি

ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি

বিশ্বনাথ চাৰিআলিক প্লাষ্টিকমুক্ত, প্ৰদুষন মুক্ত আৰু আৱৰ্জনা মুক্ত কৰি এখন নিৰ্মল আৰু সেউজ বিশ্বনাথ গঢ়ি তোলাৰ আহ্বানৰে আজি এক বিশাল ৰেলীৰে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে বিশ্বনাথ চাৰিআলি পৌৰসভাই। স্বচ্চ ভাৰত মিচন (আৰবান)ৰ স্বচ্চতা হি সেৱা কাৰ্যসুচিৰ অংশ স্বৰূপে আজি পুৱা ১০ বজাত বিশ্বনাথ চাৰিআলি পৌৰসভা কাৰ্য্যালয়ৰ পৰা উলিওৱা উক্ত সজাগতা ৰেলী বিশ্বনাথ চাৰিআলি নগৰৰ মাজৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখৰ কাচাৰী মৈদানত সামৰনি পৰে।

বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি ৰুলী শৰ্মা, কাৰ্যবাহী বিষয়া তথা বিশ্বনাথ জিলাৰ অতিৰিক্ত দণ্ডাধিশ ত্ৰিলিনা টাইড, উপ পৌৰপতি বিথিকা সেন, জেষ্ঠ ৱাৰ্ড কমিচনাৰ ৰীতা মহন্ত, ৱাৰ্ড কমিচনাৰ তাপসি চাহা, আচমা চুলতানা, মাধৱী চৰকাৰ আদিয়ে অংশগ্ৰহন কৰা উক্ত ৰেলীত পাচ শতাধিক মহিলা, পৌৰসভাৰ স্বাস্থ্য ৰক্ষা বিভাগৰ কৰ্মচাৰী আৰু চাফাই কৰ্মচাৰি সকলে অংশগ্ৰহন কৰে। হাতে হাতে বিভিন্ন সচেতনতা মুলক শ্ল-গান লিখা বেনাৰ পোষ্টাৰ লৈ ৰেলীত অংশগ্ৰহন কৰা মহিলা সকলে প্লাষ্টিক বৰ্জন কৰক, বিশ্বনাথক সেউজ কৰক, ডাষ্টবিন ব্যৱহাৰ কৰক, কেৰিবেগ বৰ্জন কৰক, কাপোৰৰ মোনা ব্যৱহাৰ কৰক, পৰিষ্কাৰ পৰিচন্নতা-ঈশ্বৰ পৰায়নতা, আমাৰ লক্ষ্য প্লাষ্টিক মুক্ত বিশ্বনাথ আদি শ্ল-গানৰে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে। সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত পৌৰপতি গৰাকিয়ে আগন্তুক শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰা পুজা সমিতি সমুহকো ডিচপজেৱল পাত, গিলাচ, বাতি আদিৰ ব্যৱহাৰৰ পৰা বিৰত থাকি প্ৰাকৃতিক সামগ্ৰীৰে তৈয়াৰি পাত, গিলাচ, বাতি আদি ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। ইফালে স্বচ্চ ভাৰত মিচন (আৰবান) ৰ অংশ হিচাপে অহা ২৮ ছেপ্টেম্বৰ তাৰিখে বিয়লি ২ বজাৰ পৰা বিশ্বনাথ কলেজৰ সমুখৰ সুধাকণ্ঠ ড° ভুপেন হাজৰিকা শক্তি উদ্যানত এক চিত্ৰাংকন প্ৰতিযোগীতাৰো আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে পৌৰপতি গৰাকিয়ে। তিনটা শাখাত অনুষ্ঠিত হ’ব লগা উক্ত চিত্ৰাংকন প্ৰতিযোগীতাত প্ৰথম শ্ৰেনীৰ পৰা দশম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহন কৰিব পাৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close