ৰাষ্ট্ৰীয়শীৰ্ষ

প্লাষ্টিকমুক্ত হব ভাৰতবৰ্ষ

কেন্দ্ৰীয় চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ। অহা ২ অক্টোবৰৰ পৰা গান্ধী জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে প্লাষ্টিকৰ দ্বাৰা উৎপাদিত ছয়বিধ সামগ্ৰীৰ ওপৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিব। উদ্দেশ্য ২০২২ চনৰ ভিতৰত দেশক সম্পূৰ্ণৰূপে প্লাষ্টিকমুক্ত কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাৰণ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে প্ৰদূষণৰ সমস্যা। ইয়াৰ পৰা দেশক মুক্ত কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। নিষেধাজ্ঞা আৰোপ হবলগীয়া প্লাষ্টিকৰ সামগ্ৰীৰ ভিতৰত আছে- কাপ-প্লেট, প্লাষ্টিক বেগ, সৰু বটল, প্লাষ্টিকৰ পাইপ আৰু কেতবোৰ পেকেজিংত ব্যৱহাৰ কৰা প্লাষ্টিক। এনে প্লাষ্টিকৰ উৎপাদন আৰু আমদানিতো নিষেধাজ্ঞা আৰোপ কৰিব কেন্দ্ৰীয় চৰকাৰে। উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ এই যুগান্তকাৰী পদক্ষেপক সকলোৱে আকোৱালি লৈছে। যদিহে এই পদক্ষেপে বাস্তৱ ৰূপ পায় তেন্তে ই মাইলৰ খুটি হিচাপে চিহ্নিত হৈ ৰব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close