আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিজ্ঞানবিশেষশীৰ্ষ

প্রাচীন পােকৰ সন্ধান

সন্ধান পােৱা গৈছে ৪০ বছৰ পুৰণি দুটি পােকৰ। সন্ধান পােৱা দুটি পােকৰ বয়স ক্রমে ৩২ আৰু ৪০ হাজাৰ বছৰ বুলি জানিব পৰা গৈছে। এই পােক দুটি বৰফৰ তলি অংশৰ পৰা উদ্ধাৰ কৰা হৈছে। অতি প্রাচীন এই পােক দুটি বর্তমানেও জীৱিত অৱস্থাত আছে। এই ঘটনা দেখি বিস্মিত হৈ পৰিছে বৈজ্ঞানিকৰ দলটো। প্রায় ৪০ বছৰ বৰফৰ তলিত থকা এই পােক দুটি বর্তমানেও জীৱিত অৱস্থাত থকাটো আতাইতকৈ ৰহস্যময় ঘটনা হিচাপে বিবেচিত হৈছে। এই তথ্য পােহৰলৈ আনিছে আন্তর্জাতিক সংবাদ মাধ্যম ফাষ্ট্রপ’ষ্টে৷ ইয়াৰ উপৰি ড’কলেডি বায়’লজিকেল ছায়েন্স নামৰ জার্ণালতাে এই প্রতিবেদন প্রকাশিত হৈছে। শেহতীয়া তথ্য অনুসৰি ৰাছিয়ান বৈজ্ঞানিকৰ এটি দলে এই প্রাচীন পােক দুটিক আৱিষ্কাৰ কৰিছে। এক তথ্যত পােহৰলৈ আহিছে যে এই পােক দুটি প্রায় ৪০ বছৰ কাল বৰফৰ তলিত শুই আছিল। কোনাে বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত এইদৰে দীর্ঘদিন ধৰি শুই থকাৰ অভিলেখ এই পর্যন্তলৈকে নাই। বৰফৰ ভিতৰ অংশৰ পৰা তিনিশতকৈয়াে অধিক বেছি নমুনা সংগ্রহ কৰিছে বৈজ্ঞানিকৰ দলটোৱে। তাৰ ভিতৰত দুটি নমুনা আছিল এই শুই থকা পােক দুটি। ইয়াৰ ভিতৰত চেনাচ পানাগ্রোলাইমাচ নামৰ পােকটোৰ বয়স প্রায় ৩২ হাজাৰ বছৰ। ইয়াৰনমুনা সংগ্রহ কৰা হৈছিল ৰাছিয়াৰ উত্তৰ-পূব আলাজেইয়া নদীৰ পৰা। আন এটি নমুনা উত্তৰ-পূব চাইবেৰিয়াৰ কোলিমা নদীৰ পৰা সংগ্ৰহ কৰা হৈছিল। ইয়াৰ বয়স ৪০ হাজাৰ বছৰ পুৰণি বুলি জানিব পৰা গৈছে। বৰফৰ আৱৰণ আঁতৰােৱাৰ পিছতেই লাহে লাহে স্পন্দিত হয় পােক দুটি। প্রথমে কেইবা সপ্তাহ সিহঁতৰ ওপৰত পর্যবেক্ষণ কৰা হৈছিল। ইয়াৰ পিছত পােক দুটিক প্রায় ২০ ডিগ্রি চেলচিয়াচত ৰখা হয়। খাদ্য-পানীৰ যােগান ধৰা হয়। ইতিমধ্যে পােক দুটিয়ে খাদ্য গ্রহণ কৰে। খাদ্যৰ লগতে দুয়ােটা পােকে অযৌন পদ্ধতিৰ জৰিয়তে পােকৰ জন্মও দিছে। ইতিমধ্যে বৈজ্ঞানিকৰ দলটোৱে পােক দুটিৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে। উল্লেখ্য যে, অতিকৈ প্রাচীন পােকৰ সন্ধান এয়াই বিজ্ঞানৰ ইতিহাসত প্রথম বুলি চিহ্নিত হৈছে। আৰু এয়া কৃতিত্ব সম্পূর্ণ ৰাছিয়ান বৈজ্ঞানিকৰ দলটোলৈ প্ৰদান কৰা হৈছে। সন্ধান পােৱা এই প্রাচীন পােক দুটিৰ দ্বাৰা কোনাে ৰােগ নির্মূল কৰা ঔষধ তৈয়াৰ কৰিব পাৰি নেকি এই সন্দৰ্ভত গৱেষণা অব্যাহত ৰাখিছে। অচিৰেই বহু নতুন তথ্যৰ পােহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close