অসমবিশেষশীৰ্ষ

প্রতি কেজি চাহপাতৰ মূল্য ৩৯ হাজাৰ টকা

বজাৰত মুকলি কৰা হৈছে এবিধ বিশেষ চাহপাত। এই বিশেষ চাহপাতৰ মূল্য প্রতি কেজিত ৩৯ হাজাৰ টকা। আচৰিত যেন লাগিলেও এয়াই সত্য। এই বৃহৎ অংকৰ মূল্যত নিলাম কৰা হৈছে এই চাহপাত। এই বিশেষ চাহপাতবিধ অসমৰ ডিব্ৰুগড়ৰ মনােহৰি টি ইষ্টেতত উপলব্ধ। গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি এই চাহপাতৰ মূল্য আটাইতকৈ সর্বাধিক বুলি জানিব পৰা গৈছে। দার্জিলিঙৰ মকাইবাড়িৰ চাহপাতৰ মূল্য বেছি যদিও ইয়াৰ প্রতিকেজি প্রায় ১৯ হাজাৰ টকা৷ তেনেস্থলত এই ধৰণৰ চাহপাত তৈয়াৰী প্রক্রিয়া অধিক কষ্টসাধ্য বুলি বাগান মালিক ৰঞ্জন লােহিয়াই মন্তব্য আগবঢ়ায়। লােহিয়াৰ মন্তব্য অনুসৰি এদিনত মাত্র ৫০ গ্রাম চাহপাত তৈয়াৰ কৰা হয়। ৩৯ হাজাৰ দৰত তেওঁ নিলামত গােল্ডেন ভেৰাইটি চাহপাত ক্ৰয় কৰিছে। এই চাহ যেন অমৃতৰ লেখীয়া। ইতিমধ্যে তেওঁ এই গােল্ডেন ভেৰাইটিৰ চাহপাত ২ কেজি ক্রয় কৰিছে। এই বিশেষ চাহপাতবিধ বজাৰত কেতিয়া উপলব্ধ হ’ব ইয়াক লৈ বর্তমান বহু প্রশ্নই উত্থাপিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close