আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিনোদনবিশেষশীৰ্ষ

পেপচিৰে জীৱনৰ ৬০টা বসন্ত

এগৰাকী বিশেষ বৃদ্ধা। বয়স ৭৩ বছৰ। ঘৰ ইংলেণ্ডত। এই বৃদ্ধাগৰাকী বর্তমান সকলােৰে আকৰ্ষণৰ কেন্দ্রবিন্দু। কিয়নাে এইগৰাকী বৃদ্ধা সঁচাকৈয়ে সকলােৰে তুলনাত বিশেষ ব্যতিক্রম। সাধাৰণতে মানুহে পিয়াহ গুচাবলৈ পানীৰ আশ্রয় লয়। কিন্তু এইগৰাকী জেকি পেজ নামৰ বৃদ্ধাগৰাকীয়ে আশ্রয় লয় শীতল পানীয় পেপচিৰ। শুনিবলৈ আচৰিত যদি তেওঁ ৰাতিপুৱা শুই উঠাৰ পৰাই পেপচি খাবলৈ লয়। দিনটোৰ ভিতৰত তেওঁ চাৰি কেন পেপচি খায়। এয়াই যেন জেকিৰ দৈনন্দিন ৰুটিনৰ তালিকা। আন এক তথ্যত পােহৰলৈ আহিছে যে জেকিয়ে এই অভ্যাস ১৩ বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছিল। আৰু এই অভ্যাসে আজিৰ এই ৰূপ পালে। ইয়াৰ লগত তেওঁ কেতিয়াও অসুস্থ হােৱা নাই। জেকিৰ দাবী তেওঁ যথেষ্ট সুস্থ তথা শাৰীৰিক দিশত উন্নত। ওজনৰ ভাৰসাম্যতাও যেন পূর্বৰ দৰেই আছে। বটলতকৈ তেওঁ কেনতহে পেপচি খাই যথেষ্ট ভালপাই বুলি মন্তব্য আগবঢ়ায়। আৰু দিনটো কেন ঠাণ্ডা হােৱাটো স্বাভাৱিক। হিচাপ অনুসৰি তেওঁ বৰ্তমানলৈকে ৯৩,৪৪০টা কেন পেপচি পান কৰিছে। সেই হিচাপে চাবলৈ গলে তেওঁ শৰীৰত বৰ্তমানলৈকে ৩০০০ কেজি শৰ্কৰাৰ উপস্থিতি ধৰা পৰিছে। চাহ কিম্ফ কফি খাই খুবেই বেয়া পায় জেকি নামৰ ৭৩ বর্ষীয় বৃদ্ধাগৰাকীয়ে। পানীতাে তেওঁ ছয় দশক ধৰি হাতেৰেই স্পর্শ কৰা নাই। আৰু তেওঁ মৰি গলেও পানী কেতিয়াও পান নকৰে বুলি মত প্রকাশ কৰে। উল্লেখ্য যে, এই ৭৩ বছৰ বয়সীয়া বৃদ্ধাগৰাকীয়ে কেৱল পেপচি খাইয়ে নিজৰ জীৱন অতিবাহিত কৰিছে। এই ব্যতিক্রমী স্বভাৱৰ বাবে জেকিয়ে সকলােৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে তেওঁ সমাজত হৈ পৰিছে ‘পেপচি কুইন’।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close