আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

পৃথিৱী এটি জ্বলন্ত উল্কাপিণ্ড

জলবায়ু পৰিৱর্তনৰ ফলত পৃথিৱীৰ তাপমাত্রা ক্রমান্বয়ে বৃদ্ধি পাইছে। বিশ্বৰ উন্নত দেশসমূহে কার্বন নিঃসৰণৰ পৰিমাণ নিয়ন্ত্ৰণৰ চেষ্টা কৰিলেও আগন্তুক সময়ত পৃথিৱীৰ উষ্ণতাৰ তাপমাত্রা বৃদ্ধি পাব বুলি এক সমীক্ষাত প্রমাণিত হৈছে। আগন্তুক ২৩০০ বছৰৰ ভিতৰত ঘূর্ণিবতাহসমূহাে যথেষ্ট শক্তিশালী হৈ পৰিব। সলনি হ’ব মানুহৰ জীৱন ধাৰণ প্রণালী। মানুহেও অপেক্ষাকৃত ঠাণ্ডা অঞ্চল মৰু অঞ্চলত গৈ বসবাস কৰিব লাগিব। বিশ্বৰ গড় তাপমাত্রা শিল্পবিপ্লৱৰ পূৰ্বতকৈ প্রায় ৪-৫ ডিগ্রী বৃদ্ধি পাব। ইয়াৰ সমান্তৰালকৈ সমুদ্রপৃষ্ঠৰ উচ্চতা ৩৩-২০০ ফুট বৃদ্ধি পাব। ফলত বসবাসৰ অযােগ্য হৈ পৰিব এই পৃথিৱী। সম্প্রতি এই তথ্য মার্কিন যুক্তৰাষ্ট্ৰৰ বৈজ্ঞানিকসকলে আগবঢ়াইছে। ইয়াৰ পূর্বে বৈজ্ঞানিকসকলে গ্রীন হাউছৰ কথা কৈছিল যদিও শেহতীয়াকৈ পৰিৱেশ বিপর্যৰ এই ধাৰণাৰ নাম ‘হট হাউজ আর্থ’ বুলি অভিহিত কৰিছে। গৱেষণাত প্রমাণিত হৈছে কার্বন নিঃসৰণৰ পৰিমাণ কমােৱাত বিশ্ববাসী সফল হলেও ‘হট হাউজ আর্থৰ কবলত পৰিব সমগ্র বিশ্ববাসী। এই ধ্বংসযজ্ঞৰ পৰা বাচিবলৈ ২০৫০ চনৰ ভিতৰত কার্বন নিঃসৰণ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। এই ক্ষেত্ৰত সম্পূর্ণ মানৱজাতিয়ে একগােট হৈ কাম কৰিব লাগিব। ধনী দেশসমূহে নিম্নমানৰ দেশসমূহত আর্থিক দিশত সহায় কৰি কার্বন নিঃসৰণ কমােৱাত সহায়ৰ হাত আগবঢ়াব লাগিব। এই ক্ষেত্ৰত বৈজ্ঞানিকসকলে স্থায়ী সমাধানৰ ব্যৱস্থা হাতত লৈছে। ইতিমধ্যে গৱেষণা অব্যাহত ৰাখিছে এই সন্দৰ্ভত বৈজ্ঞানিকৰ দলসমূহে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close