বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

পৃথিৱীৰ প্রাচীনতম ধর্ম হিন্দু : পুনৰ এবাৰ প্রমাণিত

অন্ধ্র প্রদেশত দুহেজাৰ বছৰীয়া বিষ্ণু মন্দিৰ উদ্ধাৰ

পৃথিৱীৰ প্রাচীনতম ধর্ম কি? বহুতেই ইয়াক লৈ প্ৰশ্নৰ অৱতাৰণা কৰে। কোনােৱে কয় ইছলাম, কোনােৱে কয় খ্রীষ্টান। পিছে অধিকাংশ লােকেই বিশ্বাস কৰে পৃথিৱীৰ প্রাচীনতম ধর্ম সনাতন বুলি। সনাতন ধর্মই পৰৱৰ্তী কালত হিন্দু ধর্ম হিচাপে পৰিচিতি লাভ কৰিছে। য’ৰ পৰা কেইবাটাও শাখা-প্রশাখাই পৃথিৱীত এতিয়াও শান্তিৰ বাণী বিলাই আছে। গৌতম বুদ্ধ ইয়াৰ অন্যতম উদাহৰণ। পিছে পৃথিৱীৰ প্রাচীনতম ধর্ম সন্দৰ্ভত যুক্তি-তর্কৰ বিপৰীতে সকলােৱে বিচাৰে এক সঠিক আৰু বিজ্ঞানসন্মত প্রমাণ। শেহতীয়াকৈ অন্ধ্র প্রদেশৰ গােট্টিপ্রহ্লাত ভাৰতৰ পুৰাতত্ত্ব বিভাগে চলােৱা এক খনন কার্যই বিশ্বৰ প্রাচীনতম ধর্ম যে হিন্দু সেয়া প্রমাণিত কৰিছে। গােট্টিপ্রলুত উদ্ধাৰ কৰা হৈছে ২০০০ বছৰীয়া বিষ্ণু মন্দিৰৰ ধ্বংসাৱশেষ। সেই সময়ত সমৃদ্ধি আছিল এতিয়াৰ অন্ধ্রপ্রদেশ আৰু গােট্টিপ্রলু আছিল বাণিজ্যৰ অন্যতম কেন্দ্র। খনন কার্য চলােৱাৰ সময়ত দুহেজাৰ বছৰতকৈ অধিক পুৰণি বিষ্ণু মন্দিৰৰ ধ্বংসাৱশেষ যত ইটাৰ দ্বাৰা পৰিকল্পিত স্থাপত্য কলাৰ নিদর্শন আছে সেয়া উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰি মন্দিৰটো কপাৰ, সীহ, লােহাৰ মূৰ্তিৰ শিৰ, মূর্তি আদিকে ধৰি বিভিন্ন পৌৰাণিক সামগ্রী উদ্ধাৰ কৰা হৈছে। গােট্টিপলুৰ ১৫ কিলােমিটাৰ ব্যাসার্ধৰ অঞ্চলত খনন কার্য অব্যাহত ৰখা হৈছে। উল্লেখ্য যে উক্ত স্থানতে পূর্বতেও কেইবাটাও প্রাচীন মন্দিৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। দুহেজাৰ বছৰতকৈও অধিক পুৰণি বিষ্ণু মন্দিৰৰ সন্ধানে নিশ্চিতভাৱে প্রমাণিত কৰিছে হিন্দু ধর্ম প্রাচীনতম ধর্ম।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close