
সাধাৰণ অর্থত পুথিভঁৰাল শব্দবােৰ অর্থ হ’ল পুথি ৰখা ঠাই। পুথি মনে কিতাপ, অর্থাৎ যি ঠাইত পুথি বা কিতাপ পত্র সংগ্রহ কৰি যত্ন সহকাৰে পাঠকৰ ব্যৱহাৰৰ বাবে সঞ্চিত হৈ থাকে তাকে আমি পুথিভঁৰাল আখ্যা দিওঁ। পুথি ভৰালক বিভিন্ন নামেৰে জনা যায়, যেনে— গ্রন্থাগাৰ, পাঠাগাৰ, গ্রন্থালয়, পুস্তকালয়, লাইব্রেৰী ইত্যাদি। পণ্ডিত বা লেখকসকলৰ জ্ঞান গর্ভ ৰচনাৱলীসমূহ পড়ুৱৈ সমাজৰ জ্ঞান অর্জনৰ বাবে পুথিভঁৰালত সংগ্রহ কৰি ৰখা হয়। সঁচা অৰ্থত পুথিভঁৰালক জ্ঞান লাভৰ মন্দিৰ হিচাপে পৃথিৱীৰ সকলাে দেশেই সন্মান জনায় আহিছে বুলি ক’ব পাৰি।শিক্ষা আৰু জ্ঞান আহৰণৰ ক্ষেত্ৰত পুথিভঁৰালে আমাক যথেষ্ট সহায় কৰে। পুথিভঁৰালৰ এটা অন্যতম কর্তব্য হল পুথিভঁৰালত সঞ্চিত হৈ থকা গ্ৰন্থৰাজি প্রয়ােজন মতে জ্ঞানৰ বিকাশত সহায়কৰূপে ব্যৱহাৰ কৰিবলৈ দিয়াটো। পুথিভঁৰালক কেন্দ্ৰ কৰি মূল তিনিটা গােট সন্মিলিত হৈ আছে যেনে— কিতাপ + পুথিভঁৰাল + পাঠক।
পুথিভঁৰাল বিভিন্ন ভাষাৰ আৰু বিভিন্ন ধৰণৰ কিতাপ সঞ্চিত কৰি ৰখা হয়। যেনে গল্প, প্ৰৱন্ধ, উপন্যাস, কবিতা, ভ্রমণ, সাধু, আত্মজীৱনী, অভিধান, প্রসংগপুথি, পৰিৱেশ বিষয়ক, বিজ্ঞান ভিত্তিক, বুৰঞ্জী, এনচাইক্ল’পিডিয়া সমূহ আদি। শিক্ষাৰ অংগ হিচাপে পুথিভঁৰাল স্থাপনত চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অৱশ্যে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, প্রশিক্ষণ কেন্দ্র, গৱেষণা কেন্দ্র, ইত্যাদিও পুথিভঁৰালৰ লগত জড়িত হৈ আছে।। | গতিকে একেষাৰত ক’ব পাৰি যে পুথিভঁৰাল অবিহনে শিক্ষা অসম্পূর্ণ। ব্যক্তিৰ ব্যক্তিত্ব প্রকাশ, দায়িত্ব, দায়িত্বকর্তব্য সম্পূর্ণ প্রকাশ কেৱল এই পুথিভঁৰালৰ মাজেদি। পুৰণিৰ পৰা বৰ্তমানলৈকে কিতাপ সংগ্রহ কৰিব পাৰিলে বা সংৰক্ষিত হৈ আছে তাৰ উমান পােৱা যাব প্রথমেই পুথিভঁৰালটোলৈ সােমাই গ’লে। পাঠকৰ মনােভাৱ ভৰাব পাৰিছেনে নাই সেইটো কিন্তু লক্ষণীয় বিষয় যিহেতুকে অলাগতিয়াল কিতাপে ভৰি থাকিলেই সেইটো পুথিভঁৰাল হ’ব নােৱাৰে। পুথিভঁৰাল এটি উৎকৃষ্ট মস্তিষ্কৰ জ্ঞানৰ ভৰাল যত জ্ঞান দায়িনীৰ জ্ঞানৰ ঝংকাৰ বাজি শব্দ ভাষাত ঝংকিত হৈ স্ব-লেখনিৰ প্ৰকাশৰ প্রাণ জাগি উঠে।