আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতশীৰ্ষ

পুতলাৰ সৈতে বিবাহ সম্পন্ন

বাছিৰ আহমেদ ছাহ

‘প্রেম’— এক স্বর্গীয় অনুভূতি। এই প্রেমতেই হাবুডুবু খায় একাংশই। কিন্তু এতিয়া যেন সময় সলনি হ’ল। সেয়ে হয়তাে প্রেমৰাে সংজ্ঞা সলনি হ’ল। পূর্ব সেই স্বর্গীয় প্রেমাে যেন পালেগৈ নৰকলৈ। পূর্বৰ সেই স্বর্গীয় অনুভূতিক যেন দাগ লগালে একাংশই। ফলত প্রকৃত প্ৰেমৰ অভাৱ যেন এই পৃথিৱীত। নিজ স্বার্থৰ ফলত একাংশই প্ৰেমত প্ৰতাৰণাহে কৰা দেখা যায়। ফলত প্রকৃত প্ৰেমৰ অর্থই সলনি হ’ল। প্রেম প্রত্যাখ্যানৰ ভয়তেই এইবাৰ জাপানত এক ব্যতিক্রমী দৃশ্য দেখিবলৈ পােৱা গৈছে। শেহতীয়া তথ্য অনুসৰি জাপানৰ পয়ত্রিশ বছৰীয়া এগৰাকী যুৱকে মানুহৰ সলনি এটি পুতলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে। যুৱকজনৰ নাম আকিহিকো কন্দো। তেওঁৰ এই অনাকাংক্ষিত ঘটনাই সকলােকে আচম্ফিত কৰি তুলিছে। আকিহিকো কন্দোৱে জীৱনত বহুবাৰ প্রেম কৰিছে যদিও প্রতিবাৰে কিন্তু বিফল হৈছে। বহুবাৰ যুৱতীয়ে প্রেমে প্রত্যাখ্যান কৰিছে। অৱশেষত যেন তেজ মঙহৰ নাৰীৰ প্রতি তেওঁৰ বিশ্বাসে উঠি গৈছিল সেয়ে এই সিদ্ধান্ত গ্রহণ কৰে। চলিত মাহৰ ৪ তাৰিখে হলােগ্রাম নামৰ ঠাইৰ এটি পুতলাৰ সৈতে টকিয়ৰ কমিউনিটি চেণ্টাৰত বেছ ধুমধামেৰে বিবাহ সম্পন্ন হয়। দুই মিলিয়ন ইয়েন টকা খৰচ কৰি পুতলাটোক জীৱন সংগী কৰি লয়। তেওঁৰ এই বিবাহত কেৱল বন্ধুবর্গহে উপস্থিত আছিল। কিয়নাে তেওঁৰ মাতৃয়ে এই বিবাহত সন্মতি জনােৱা নাছিল কাৰণ এই বিবাহ গ্রহণযােগ্য নহয় বুলিও মাতৃয়ে মন্তব্য আগবঢ়ায়। মাতৃৰ মতে বিবাহ কেৱল এগৰাকী তেজ মঙহৰ মানুহৰ সৈতেহে সম্ভৱ। তেনেস্থলত পুতলা এটিৰ লগত বিবাহ কেতিয়াও সম্ভৱ নহয়। আকিহিকোৰ এই অদ্ভুত কর্মকাণ্ডৰ বাবে এতিয়া চৌদিশে সৃষ্টি হৈছে। কেৱল প্রতিক্রিয়া। কোনােৱে আকৌ মানসিক স্থিতি হেৰুৱাই পেলােৱা বুলিও কৈছে। তথাপিও যেন এইবােৰ কথালৈ ভ্রুক্ষেপ নাই কন্দোৰ। তেওঁ বর্তমান যথেষ্ট সুখী। টুইটাৰত বিবাহৰ বহু ছবি আপলােড দি প’ষ্ট কৰি লিখিছে যে তেওঁ তেজ মঙহৰ নাৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হােৱাৰ কথা কেতিয়াও ভাবিব নােৱাৰে। জীৱনত প্ৰেমৰ নামত যিটো হাবাথুৰি খাইছে সেয়ে হয়তাে আজি এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰিলে। তেওঁ আজি বহুত সুখী কাৰণ এতিয়া আৰু প্রেম প্রত্যাখ্যানৰ একেবাৰেইে ভয় নাই। কন্দোৱে বিয়া কৰােৱা পুতলাটোৰ নাম ৰাখিছে মিকু। তেওঁ বিবাহৰ আগৰ পৰাই মিকুৰ সৈতে প্ৰেমৰ মায়াজালত আৱদ্ধ হৈছিল। কন্দোৰ মতে মিকুৱে তেওঁৰ মনৰ সকলাে কথাই বুজি পায়। সেয়ে হয়তাে আজি তেওঁ ধুমধামেৰে বিবাহ সম্পন্ন কৰে। উল্লেখ্য যে, বিবাহৰ পিছতেই কন্দোৱে ছ’চিয়েল মিডিয়াত ফটো আপলােড দিয়াৰ লগে লগেই বিষয়টো ভাইৰেল হৈ পৰে। ইতিবাচক-নেতিবাচক মন্তব্যৰে থকাসৰকা কৰে কন্দোক। কাৰণ যিয়ে নহওঁক কিয় কন্দোৰ এই অদ্ভুত সিদ্ধান্তই কিন্তু সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close