আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিজ্ঞানবিশেষশীৰ্ষ

পিতৃ-মাতৃৰ মৃত্যুৰ চাৰি বছৰ পিছত সন্তানৰ জন্ম

এটি দেৱশিশু। জন্মৰ পাছতেই চৰ্চালৈ আহিছে শিশুটো। কিয়নাে এই শিশুটোৰ জন্ম হৈছে পিতৃ-মাতৃৰ মৃত্যুৰ প্ৰায় চাৰি বছৰ পিছত। আচৰিত যেন লাগিলেও এই তথ্য পােহৰলৈ আনিছে চীনৰ এটি গণ মাধ্যমে। শেহতীয়া তথ্য অনুসৰি এটি পথ দুর্ঘটনাত ২০১৩ চনত শিশুটোৰ পিতৃমাতৃৰ অকাল মৃত্যু হৈছিল। মৃত্যুৰ পূৰ্বেই দম্পতীহালে আই ভি এফ পদ্ধতিৰ জৰিয়তে সন্তান গ্ৰহণৰ উদ্দেশ্যে তেওঁলােকৰ কিছুমান ভ্রণ চিকিৎসালয়ৰ তত্বাৱধানত সংৰক্ষিত কৰি ৰাখিছিল। সেই ভ্রণ লাউচৰ এগৰাকী নাৰীৰ গৰ্ভত ছাৰােগেচি পদ্ধতিৰ জৰিয়তে সংস্থাপন কৰাই শিশু এটিৰ জন্ম দিয়াইছিল।বেইজিঙৰ গণমাধ্যমৰ অন্য এক তথ্যত পােহৰলৈ আহিছে যে মৃত্যুৰ পিছতাে এই চীনা দম্পতীহালৰ ভ্রুণসমূহ চীনৰ নানজিং চিকিৎসালয়ৰ এটি তৰল নাইট্রজেনৰ টেংকত মাইনাছ ১৯৬ ডিগ্রী তাপমাত্রাত সংৰক্ষিত অৱস্থাত আছিল।

দুর্ঘটনাৰ পাছত সংৰক্ষিত এই ভ্রুণৰ অধিকাৰ পাবলৈ নিহত দম্পতীহালৰ পিতৃ-মাতৃয়ে কঠোৰ আইনী প্রক্রিয়াৰ সৈতে যুঁজ দিব লগা হৈছিল। এনেবােৰ ঘটনাৰ ক্ষেত্ৰত সুস্পষ্ট বিধি বিধান নথকাৰ বাবেই মৃত দম্পতীহালৰ পিতৃ-মাতৃয়ে ছাৰােগেচি পদ্ধতিক লৈ ব্যাপক আইনী প্রক্রিয়াৰ সৈতে যুঁজ দিব লগা হয়। দীর্ঘদিনীয়া আইনী প্রক্রিয়াৰ অন্তত আদালতে এক উচিত সিদ্ধান্ত গ্রহণ কৰা দেখা যায়। ইয়াৰ পূর্বে চীনত মৃত সন্তানৰ ভ্রণ পিতৃ-মাতৃক উত্তৰাধিকাৰীৰ আইন বলৱৎ হােৱা নাছিল। গৰ্ভত অসংযােজিত ভ্রুণক লৈ আইনী প্রক্রিয়া অনিশ্চয়তা থকাৰ ফলত চীনৰ অন্য চিকিৎসালয় বা মেডিকেল প্রতিষ্ঠানে এই প্রক্রিয়াৰ বাবে সন্মতি দিয়া নাছিল। চীনত এই ছাৰােগেচি পদ্ধতি অবৈধ হােৱাৰ পাছত অন্য দেশৰ সৈতে যােগাযােগ কৰাৰ বাহিৰে অন্য বিকল্প ব্যৱস্থা নাছিল তেওঁলােকৰ হাতত। ইয়াৰ পাছতে শিশুটোৰ ভৱিষ্যতক লৈ লক্ষ্য ৰাখি তেওঁলােকে ছাৰােগেচি পদ্ধতিক লৈ কাম কৰা এটি সংস্থাৰ সৈতে যােগাযােগ কৰিবলৈ সক্ষম হয়। বৈধভাৱে অন্য নাৰীৰ গর্ভ ভাড়া লৈ সন্তান জন্ম দিয়া পদ্ধতিৰ জৰিয়তে সংস্থাটোৰ তত্বাৱধানত ভ্রুণটি লাউচলৈ লৈ যােৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। ইয়াৰ পাছতে সেই বিশেষ পদ্ধতিৰে এগৰাকী নাৰীৰ গৰ্ভত এই ভ্রুণবিধ স্থাপন কৰা হয়। ভৱিষ্যতে এই সন্দৰ্ভত কোনাে সমস্যা নহ’বলৈ সন্তান জন্মৰ পূর্বেই ভিছাৰ জৰিয়তে সেই ছাৰােগেট মাতৃগৰাকীক চীনলৈ লৈ অনা হয়। উল্লেখ্য যে ২০১৭ বৰ্ষৰ ডিচেম্বৰ মাহত মাতৃগৰাকীয়ে এটি সন্তান জন্ম দিয়ে। শিশুটোৰ নাম ৰখা হৈছে তিয়ানতিয়ান। শিশুটিৰ পিতৃ-মাতৃ নথকাৰ বাবেই ককা-আইতাকে ডি এন এ মেচিনৰ জৰিয়তে শিশুটিৰ চীনা নাগৰিকত্ব নিশ্চিত কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close