অসমবিশেষশীৰ্ষ

পিকদানিলৈ পৰিৱৰ্তিত ফুটপাথ: মহানগৰীত লেমিনেটড ডিভাইদাৰ

গুৱাহাটীক সুন্দৰকৈ ৰাখিবলৈ অভিনৱ পন্থা

গুৱাহাটী মহানগৰীত বিভিন্ন উৎসৱ-মহােৎসৱ সততে হৈ থকা পৰিলক্ষিত হয়। যাৰ বাবেই গুৱাহাটীখন জাকতজিলিকা আৰু পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে ফুটপাথ আৰু দেৱালসমূহ পেইন্ট কৰি দৃষ্টিনন্দন কৰি তােলা হৈছিল। গুৱাহাটী মহানগৰীৰ প্রতিটো পথেইচূণ,ৰং সানি পৰিস্কাৰ কৰা হৈছিল যদিও একাংশ অসচেতন, বিবেকহীন নাগৰিকে নতুনকৈ চূণ ৰং সনা ডিভাইদাৰ ফুটপাথ আৰু দেৱালত পান, তামােল, গুটখাৰ পিক পেলাই দুদিনৰ ভিতৰতে কদর্যময় কৰি তুলিছিল। প্রশাসনে বাৰম্বাৰ চূণৰং সানি পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব বিচাৰে যদিও এচাম মানুহৰ বাবে সকলাে প্রচেষ্টা আৰু কষ্ট ভৰলুৰ পানীত পৰিছিল। এনে অৱস্থাত মহানগৰীৰ বাট-পথসমূহ একাংশ অসচেতন, বিবেকহীন মানুহৰ কুৰুচিৰ পৰা মুক্ত কৰি ৰখাৰ বাবে জিলা প্রশাসনে লৈছে অভিনৱ পন্থা। যি পন্থা হয়তাে পৃথিৱীৰ কতােৱেই দেখিবলৈ পােৱা নাই৷ হয়, মহানগৰীৰ ৰাজপথত এতিয়া লেমিনেটেড ডিভাইদাৰ। তামােল-পাণ, গুটখাৰ পিকৰ পৰা বাট-পথ আৰু দেৱালসমূহ ৰক্ষা কৰাৰ বাবে প্লাষ্টিকেৰে ঢাকি ৰখাৰ নতুন পন্থা অৱলম্বন কৰিছে জিলা প্রশাসনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close