অসমবিশেষশীৰ্ষ

পাৰ্ক পাৰ্ক লগা এখন আৰক্ষী চকী: বাক্সাৰ দৰংগামেলা আৰক্ষী চকীয়ে এতিয়া দৃষ্টি কাঢ়িছে বাটৰুৱাৰ

প্রদীপ দাস, তামুলপুৰ

এখন পাৰ্ক পাৰ্ক যেন লগা আৰক্ষী চকী ৷ আৰক্ষী চকী নহয় যেন ফুলনি বাগিছা হে ৷ যি খন আৰক্ষী চকী এতিয়া আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে সকলোৰে বাবে ৷ কিয়নো যি ফালে চোৱা যায় সেই ফালে কেৱল ডালিয়া, গেন্ধে ফুলৰ সমাহাৰ ৷বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ এই আৰক্ষী চকীখন হৈছে তামুলপুৰ থানৰ অন্তৰ্গত দৰংগামেলা আৰক্ষী চকী ৷ ভূটান ৰাষ্ট্ৰৰ ছানদ্ৰুপ জংখাৰ জিলাৰ সমীপতে লাগি থকা এই আৰক্ষী চকীখন এতিয়া আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷ আৰক্ষী চকীখনৰ যি ফালে চোৱা যায় সেইফালে মাথো নানাৰঙী ফুল৷

দৰংগামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৰচোং নাৰ্জাৰীৰ অক্লান্ত পৰিশ্ৰম আৰু প্ৰতিগৰাকী কনিষ্টবল আৰু হোমগাৰ্ডৰ প্ৰচেষ্টাত আৰক্ষী চকীখনৰ চৌহদত এনেদৰে ঠন ধৰি উঠিছে নানাৰঙী ফুলে ৷ ডালিয়া, নাৰ্জিকে ধৰি নানাৰঙী ফুলে হাতবাউল দি মাতে বাটৰুৱাক ৷ আৰক্ষী চকীখনৰ চৌহদত থকা নানাৰঙী ফুলৰ সমাহাৰে মনপ্ৰাণ হৰি এক অনাবিল আনন্দ দিয়ে চকীখনলৈ অহা প্ৰতিজন ব্যক্তিক ৷ তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকিতো এতিয়া যো যা চলিছে ফুলৰ বাগিচাৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ। কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্বত সজাই পৰাই তোলা হৈছে কুমাৰীকাটা আৰক্ষী চকী। আনফালে দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৰচুং নাৰ্জাৰীৰ ভাষাত আৰক্ষী সকলো সৌন্দৰ্যৰ পূজাৰী ৷ জনসাধাৰণে আৰক্ষীৰ লোকক কঠোৰ বুলি ভাবিলেও আচলতে আৰক্ষী সকলৰো এটা ভাল মন আছে বুলি উল্লেখ কৰে৷ তেওঁ ৰাজ্যখনৰ প্ৰতিখন থানা বা আৰক্ষী চকীত একোখন ফুলনি বাগিছা স্থাপন কৰিবলৈও আহ্বান জনায় ৷ আৰক্ষী বিষয়াগৰাকীৰ ভাষাত ফুলনি বাগিছা দেখিলেই যেন থানাত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিৰ মনলৈ শান্তি আহে ৷ ইফালে দৰংগামেলা আৰক্ষী চকীত এনেদৰে এখন ফুলনি বাগিছা গঢ়ি তোলা কাৰ্যক স্থানীয় লোকেও প্ৰশংসা কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close