
ভাল খবৰ, পাঠশালা: পাঠশালা ৰঙালী বিহু সন্মিলনীৰ শেষৰ দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰ দিনা পুৱাৰ ভাগত মঞ্চত অনুষ্ঠিত হয় জনসাধাৰণক সজাগতা কৰাৰ এক বিশেষ কাৰ্যসূচী৷ বৰপেটা জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আয়োজন কৰা ২৯ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচীত বৰপেটা জিলা প্ৰশাসনৰ মুৰব্বীৰ লগতে উপস্থিত থাকে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, অভিনেতা অৰুন হাজৰিকা আদি ৷
পাঠশালা ৰঙালী বিহু মঞ্চত সোমবাৰে অনুষ্ঠিত হ’ল এক ব্যতিক্ৰমী কাৰ্যসূচী৷ দুৰ্ঘটনাৰ পৰা ব্যক্তিয়ে কেনেদৰে সুৰক্ষা ল’ব লাগে তাৰ বাবে বৰপেটা জিলা পথ সুৰক্ষা সমিতিয়ে আয়োজন কৰে এক সজাগতা অভিযান৷ বাটৰ নাট, সংগীত, শোভাযাত্ৰা তথা শ্ল’গান আদিৰে ৰূপায়ন কৰা কাৰ্যসূচীত বৰপেটা জিলাৰ উপাযুক্ত, বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক, বজালীৰ মহকুমাধিপতি, বিধায়ক পবিন্দ্ৰ ডেকা, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, অভিনেতা অৰুন হাজৰিকাকে ধৰি সমাজৰ সৰ্বস্তৰৰ ব্যক্তি উপস্থিত থাকে ৷
উক্ত অনুষ্ঠান ৰূপায়ন কৰি গৌৰৱবোধ কৰে পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে।
এক আকৰ্ষণীয় ৰোডশ্বোত অংশগ্ৰহন কৰে প্ৰস্তুতি পৰাশৰ,অৰুন হাজৰিকা আদি
বৰপেটা জিলা পথ সুৰক্ষা সন্দৰ্ভত কৰা সজাগতামূলক পদক্ষেপে ৰাইজক সুৰক্ষা দিব বুলি আশাবাদী প্ৰশাসন৷