Businessবিশেষশীৰ্ষ

পাঁচ বছৰত সর্বাধিক ৰপ্তানি নিছান ইণ্ডিয়াৰ

নিছান মটৰ ইণ্ডিয়া প্রাইভেট লিমিটেডে ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত ৰপ্তানি কৰিলে ১০,৭৯১খন বাহন। এই সংখ্যা বিগত পাঁচ বছৰৰ ভিতৰতে সর্বাধিক। প্রতিষ্ঠানটোৱে লগতে ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত ঘৰুৱা বজাৰত ২,১৬৯ খন বাহন বিক্ৰীৰে মাহিলি হিচাপত ৪৯ শতাংশ বিকাশ লাভ কৰিছিল। নিছান ইণ্ডিয়া প্রাইভেট লিমিটেডৰ সম্পাদক ৰাকেশ শ্রীবাস্তৱে কয় ? কিকছৰ উন্নত প্রদর্শনৰ সৈতে মাহিলি হিচাপত ৪৯ শতাংশ বিকাশ লাভ কৰিবলৈ সক্ষম হৈছাে। ডিচেম্বৰত হােৱা ৰপ্তানিৰ পৰিমাণ আছিল বিগত পাঁচ বছৰৰ ভিতৰতে সর্বাধিক। ইয়ে গ্রাহকক মেক ইন ইণ্ডিয়াৰ প্রতি আগ্রহীত কৰি তুলিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close