অসমবিশেষশীৰ্ষ

পাঁচ টকাত ‘গামােচা’

অসমীয়া যুৱকৰ অন্য এক চমক

অসমবাসীলৈ আন এক সুখবৰ। কিয়নাে এতিয়াৰে পৰা অসমৰ বজাৰত উপলব্ধ হৈছে মাত্র পাঁচ টকাৰ পৰা দহ টকা দৰত গামােচা। সেয়ে এই বিশেষ গামােচাই এতিয়া সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। কিন্তু ৰব! এয়া অসমীয়াৰ স্বাভিমান সূতাৰ গামােচা নহয়। এয়া হ’ল অসমীয়া জাতিৰ স্বাভিমান তথা জাতিটোৰ প্রতীক গামােচাখনৰ নামেৰে নামাকৰণ কৰা ‘গামােচা’ নামৰ এটি ইন্সটেণ্ট টী কাপহে। দেখিবলৈ ই এটি সাধাৰণ কাপ যদিও ইয়াৰ ভিতৰত আছে একাপ চাহৰ সম্পূর্ণ মিশ্রণ।

সেয়ে কাপটোত উতলা পানী ঢালি দিয়াৰ কেইমিনিটমানৰ ভিতৰতেই প্রস্তুত হৈ উঠে একাপ সুন্দৰ চাহ। কেইবাটাও ফ্লেভাৰত উপলব্ধ হােৱা এই গামােচা চাহে বজাৰত ক্রেতাৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। নতুন চিন্তা অত্যাধুনিক প্রযুক্তিৰে এই ‘গামােচা’ চাহ কাপটো উদ্ভাৱন কৰি উলিয়াইছে শিৱসাগৰৰ যুৱ উদ্যোগী ৰাহুল দত্তই। দত্ত বর্তমান গুৱাহাটীৰ স্থায়ী বাসিন্দা। ২০১৬ চনৰ পৰাই তেওঁ ‘গামােচা ডটকম’ নামৰ এটি ৱেবছাইটৰ জৰিয়তে পলকতে কিদৰে একাপ চাহ প্রস্তুত কৰিব পাৰি এই বিষয়ে চিন্তা-চৰ্চা কৰি আছিল। যিহেতু বর্তমান সময়ত সকলাে ব্যস্ত। ঘড়ীৰ কটাৰ দৰে সকলাে নিজ নিজ কর্মক্ষেত্রত ব্যস্ত। সেয়ে যদিহে মাত্র কেইমিনিটমানৰ ভিতৰতে একাপ চাহ প্রস্তুত কৰিব পাৰে তেন্তে ইয়াতকৈ আৰু ইতিবাচক খবৰ হয়তাে বর্তমান সময়ত একোৱেই নাথাকিব। সেয়ে এই কথা ভাবিয়েই ৰাহুল দত্তই ২০১৭ চনত এই কামত হাত দিছিল। আৰু ইয়াৰ এতিয়া সুফল হয়তাে সকলােৱে দেখিছে। দত্তৰ প্ৰেৰণাৰ মূল্য মানুহখিনিয়ে আছিল নিজৰ ঘৰখন, বন্ধুবর্গ তথা অসমবাসীৰ আশীর্বাদ। এই অবিহনে এই যাত্রা অসম্ভৱ। তেওঁৰ মতে অন্য প্রান্তত এই পৰিকল্পনা কেতিয়াবাই আৰম্ভ হৈছে। তাৰ উদাহৰণ স্বৰূপে ‘ইন্সটেন্ট নুডলছ’ৰ কথাই ক’ব পাৰি।

কিন্তু এই পৰিকল্পনাৰ মাজেৰে আগবঢ়া অসমত একমাত্র তেৱেঁই। নামাকৰণ সন্দৰ্ভতাে তেওঁ কয় যে চাহ আমাৰ সম্পদ। চাহৰ বাবেই অসমক হয়তাে সমগ্র বিশ্বই চিনি পায়। এনেও চাহৰ সৈতে আৱেগ অসমবাসীৰ পূৰ্বৰ পৰাই আছে। সেয়ে অসমীয়াৰ স্বাভিমান গামােচাখনৰ নামেৰেই এই থলুৱা চাহকাপৰ নামটো নামাকৰণ কৰা হ’ল। যি কি নহওক গামােচাক ৰাইজে লাহে লাহে আঁকোৱালি লৈছে। উল্লেখযােগ্য যে বর্তমান ১৫০ এমএল জোখৰ মচলা ফ্লেভাৰৰ টী কাপ বজাৰত উপলব্ধ হৈছে। পৰৱৰ্তী সময়ত লেমন আৰু জিঞ্জাৰ ফ্লেভাৰৰ লগতে ক্রেতাৰ চাহিদা অনুসৰি ‘টি কাপ’ প্রস্তুত কৰি বজাৰত মুকলি কৰা হ’ব। দত্ত তথা অসমবাসীৰ আশা এই গামােচাই অসমৰ লগতে সমগ্র বিশ্বতে জনপ্রিয়তা লাভ কৰক। যিদৰে চাহৰ বাবেই সমগ্ৰ অসম বিশ্ব দৰবাৰত জিলিকি আছে। ঠিক তেনেকৈয়ে এই ‘গামােচা’ টি কাপে সগৌৰৱে জিলিকি ৰওক সমগ্র বিশ্বৰ মাজত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close