বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

পহিলা ডিচেম্বৰৰ পৰা যান-বাহনত বাধ্যতামূলক FASTag

অনলাইনযােগে টোল সংগ্রহৰ পন্থা কেন্দ্রীয় চৰকাৰৰ যানবাহন আইন সংশােধিত কৰি পথ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে প্রয়াস চলােৱাৰ পাছত শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে দেশৰ যানবাহন চলাচলৰ ক্ষেত্ৰত আন এক চর্ত আৰােপ কৰিছে। দেশৰ বিভিন্ন স্থানত টোলগেটৰ যােগেদি কৰ সংগ্ৰহৰ পদ্ধতি আছিল যদিও শেহতীয়াকৈ ইয়াৰ পৰিৱৰ্তন ঘটাই টোল কৰ সংগ্রহ কৰিব কেন্দ্রীয় চৰকাৰে। ১ ডিচেম্বৰৰ পৰা যানবাহনত FASTag নামৰ কার্ড সংযুক্ত কৰাটো বাধ্যতামূলক। কেন্দ্রীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে এই কথা ঘােষণা কৰাৰ লগতে FASTag নথকা বাহনৰ পৰা দুগুণ হাৰত কৰ সংগ্ৰহ কৰা হ’ব বুলি উল্লেখ কৰে।

কি এই FASTag?

২০১৪ চনত কেন্দ্রীয় পৰিবহণ মন্ত্রণালয়ে এক প্রকল্প প্রস্তুত কৰিছিল। এই প্রযুক্তিটোৰ নাম ৰেডিঅ’ ফ্রিকুৱেন্সি আইডেন্টিফিকেচন টেকনলজী। এই প্রযুক্তিৰ যােগেদি অনলাইন মাধ্যমত ৰাষ্ট্ৰীয় বৈদ্যুতিক টোল কৰ সংগ্রহ কৰাৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছিল চৰকাৰে।

নেচনেল পার্মিট কৰ অব ইণ্ডিয়াই এই বিচার্জেবল টেগটো প্রস্তুত কৰিছে। যিটো যানবাহনৰ উইণ্ডোস্ক্রীণত সংযুক্ত কৰিব লাগিব আৰু টোলগেটত থকা আৰএফআইডিয়ে বাহনখনৰ এই টেগটোৰ পৰাই পৰিচয় সুনিশ্চিত কৰিব আৰু টোল কৰ সংগ্ৰহ কৰিব। ইয়াৰ ফলত টোলগেটত দীঘলীয়া শাৰী পতাৰ পৰম্পৰা নাইকিয়া হৈ পৰিব। FASTag প্রিপেইড হিচাপেও থাকিব আৰু অনলাইনযােগে একাউণ্টৰ লগতাে সংযুক্ত কৰাৰ সুবিধা থাকিব। বেংক একাউণ্টৰ সৈতে টেগটো সংযুক্ত নাথাকিলে সময়ে সময়ে ইয়াক আগতীয়া ৰিচাৰ্জ কৰিব লাগিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close