অসমবিনোদনবিশেষশীৰ্ষ

পবিতৰা অভয়াৰণ্য: অসমৰ এক পর্যটনস্থলী

প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ অসমৰ মৰিগাঁও জিলাৰ মায়ং মৌজাত অৱস্থিত পবিতৰা অভয়াৰণ্য পর্যটন স্থলসমূহৰ ভিতৰত এক উল্লেখযােগ্য স্থান। উনৈশ একসত্তৰ চনৰ ওঠৰ নৱেম্বৰত অসম চৰকাৰে গেজেট নটিফিকেচন যােগে সীমা নিৰ্দ্ধাৰণ কৰি পবিতৰাক সংৰক্ষিত বনাঞ্চল ঘােষণা কৰে। বর্তমান আঠত্রিশ দশমিক আশী বর্গ কিলােমিটাৰ ইয়াৰ মুঠ মাটিকালি।

শেহতীয়াভাৱে ৰজা মায়ং বনাঞ্চলক অসম চৰকাৰে পবিতৰা অভয়াৰণ্যৰ লগত সংযােগ কৰিছে। পবিতৰাৰ নামৰ কিংবদন্তি অনুসৰি শূইনত সিংহ ৰজাৰ বৰজীয়ৰী ৰাজকুমাৰী পবিত্রা সিংহাৰ অকাল বিয়ােগ ঘটাত তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ বনাঞ্চলখনৰ নাম পবিত্ৰা ৰখা হৈছিল। কালক্ৰমত এই পবিত্রাই ‘পবিতৰা হয়। আন এক কিংবদন্তিমতে এসময়ত এই ঠাইখন পাতিদৈয়া আৰু তৰা উদ্ভিদেৰে ভৰপূৰ আছিল বাবে ঠাইখনৰ নাম ৰখা হৈছিল পাতিদৰা। কালক্ৰমত এই পাতিদৰাই পবিতৰা হয়গৈ। বর্তমান মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত মায়ং মৌজাত ব্রহ্মপুত্র নদী কন্যাসুঁতিয়ে সৃষ্টি কৰা ভূমিখণ্ডৰ মাজত পবিতৰা অভয়াৰণ্য অৱস্থিত। নাতিশীতােষ্ণ জলবায়ুৰ পবিতৰা অভয়াৰণ্য এশিঙীয়া গড়, গাহৰি আৰু বনৰীয়া ম’হৰ বাবে বিখ্যাত। হৰিণ, নাহৰফুটুকী বাঘ, কাছ, সাপ, উলুম ইত্যাদি জন্তুৰ লগতে চাইবেৰিয়াৰ পৰা অহা নানা পৰিভ্ৰমী চৰাইৰ বাবে দেশী-বিদেশী পর্যটকৰ বাবে আকর্ষণৰ কেন্দ্ৰ হৈ পৰিছে। পবিতৰাৰ হুদুক বিলৰ নৌকাবিহাৰ পৰ্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্র। পর্যটকৰ সুবিধার্থে অৰণ্য দর্শনৰ বাবে জীফ ছাফাৰী আৰু হাতীৰ ব্যৱস্থা আছে। থকা-খােৱাৰ বাবে অসম চৰকাৰৰ পর্যটন বিভাগৰ অধীনৰ মায়ং অতিথিশালা’আৰু বনবিভাগৰ অধীনৰ মায়ং পৰিদৰ্শন’ বঙলাৰ সু-ব্যৱস্থা আছে। দেশী-বিদেশী পর্যটকৰ আকৰ্ষণৰ কেন্দ্র পবিতৰাত অভয়াৰণ্যলৈ প্রতিবছৰে হেজাৰ হেজাৰ লােকৰ আগমন হয়। সাত অবেৰৰ পৰা পবিতৰা অভয়াৰণ্য পর্যটকৰ বাবে মুকলি কৰা হৈছে। পর্যটকৰ সুবিধার্থে অসম চৰকাৰৰ পর্যটন বিভাগে জীপ ছাফাৰী আৰু হাতী ছাফাৰী আদিৰ ব্যৱস্থা কৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close