অসমবিশেষশীৰ্ষ

পদ্ম আনন্দ আদৰ্শ শিশু নিকেতনৰ বাৰ্ষিক অধিৱেশন-বটা বিতৰনী সভা

প্ৰদীপ দাস, তামুলপুৰ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পদ্ম আনন্দ আদৰ্শ শিশু নিকেতনৰ ওঠৰ সংখ্যক বাৰ্ষিক অধিবেশন আৰু বটা বিতৰনী সভাখন অনুষ্ঠিত হয় । নিকেতনখনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে সভাৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পিচতেই সভাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কালিচৰন ৰামচিয়াৰীয়ে । উদ্বোধনী ভাষনত ৰামচিয়াৰীয়ে কয়- জ্ঞান অবিহনে মানৱ জীৱন অসাৰ । জ্ঞান অৰ্জনৰ জৰিয়তে মানুহে সমাজত প্ৰতিষ্ঠা লাভ কৰে । সভা উদ্বোধনৰ পিচতেই সভাপতিৰ আসন গ্ৰহন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি কোকিল ভাগৱতীয়ে । সভাপতিৰ অাসন গ্ৰহনৰ পিচতেই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নিকেতনৰ প্ৰধান আচাৰ্য অমিতাভ ৰাভাই । সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পিচতেই নিকেতনৰ ছাত্ৰী তনুষ্কা শৰনীয়াই আধুনীক গীত পৰিৱেশন কৰে ।ইয়াৰ পিচতেই নিকেতনৰ প্ৰধান আচাৰ্য অমিতাভ ৰাভাই সভাত বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে । সভাত নিৰ্দিষ্ট বক্তাৰ ভাষনত পদ্ম আনন্দ হাইস্কুলৰ সহকাৰী শিক্ষক চক্ৰেশ্বৰ ডেকাই কয় – আজিৰ শিশু কাইলৈ নাগৰিক- এই শিশুসকলেই ভৱিষ্যতৰ সুনাগৰিক হৈ সমাজ গঢ়িব লাগিব আৰু নিজৰ জীৱন সুন্দৰ কৰি গঢ়িব লাগিব ।বক্তব্য প্ৰসঙ্গত ডেকাই কয় – ভৱিষ্যতে এইখন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষা গ্ৰহন কৰি সুদক্ষ চিকিৎসক ,অভিযন্তা হৈ ওলাই আহি সমাজত ধন ঘটাৰ প্ৰৱনতা পৰিহাৰ কৰি সেৱা আগবঢ়াব লাগিব । সভাত মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি পদ্ম আনন্দ হাইস্কুলৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সমৰ চন্দ্ৰ দাসে কয় – শিক্ষাই হল মুল । সুশিক্ষাই সুমাজ গঢ়ে । সেই সমাজ উন্নয়নৰ পথত অগ্ৰসৰ হয় । সভাত পদ্ম আনন্দ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিচিত্ৰ ৰাভা , সমাজকৰ্মী বৈকুন্ঠ বসুমতাৰী ,সমাজকৰ্মী নৃপেন বড়োই বক্তব্য প্ৰদান কৰে । সভাত নিকেতনখনৰ বাৰ্ষিক খেল-ধেমালী,সংগীত নৃত্য ,সুকুমাৰ কলা আদি প্ৰতিযোগিতাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক বটা প্ৰদান কৰা হয় । সভাত নিকেতনখনত পঢ়ি যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্ট্ৰিংচন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ অঞ্জনজ্যোতি ডেকা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । নিকেতনখনৰ প্ৰধান আচাৰ্য অমিতাভ ৰাভাই আতধৰা সভাখনত অঞ্চলটোৰ সমাজকৰ্মী,বিশিষ্ট ব্যক্তি ,অভিভাৱক-অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহন কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close