বিশেষশীৰ্ষস্বাস্থ্য

নিৰোগী জীৱন কটাবলৈ কেইটামান টিপছ

বিনু লষ্কৰ

 

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন মতে আমাৰ দেশৰ কম বয়সীয়াসকলো হাৰ্টৰ ৰোগ , ডায়েবেটিচ ৰোগ আৰু উচ্চ ৰক্তচাপ আদি ৰোগৰ চিকাৰ হৈছে । এনে ক্ষেত্ৰত সকলোৰে সুস্থ স্বাস্থ্য সম্ভৱপৰ নে ?
হয় সম্ভৱ ! কিছুমান নিয়ম মানি চলিলে আমি নিৰোগী জীৱন যাপন কৰিব পাৰো ।
মৌ ৰসত আছে উপকাৰী এনজাইম , এমাইনো এচিড , নানা বিধ মিনাৰেল , ভিটামিন , পটাছিয়াম , কেলচিয়াম , মেগনেচিয়াম , ক’পাৰ , আইৰণ , জিঙ্ক আৰু ফলিক এচিড । ইমানবোৰ উপাদান সমৃদ্ধ মৌ ৰসে আপোনাৰ স্বাস্থ্য যে অটুট ৰাখিব তাত কোনো সন্দেহ নাই । কিন্তু নিয়মীয়াকৈ খোৱা জৰুৰী ।

কেনেকৈ খাব –
ৰাতিপুৱা খালী পেটত এগিলাছ কুহুঁমীয়া পানীত এচামুচ মৌ আৰু কেইটোপালমান নেমু ৰস ভালকৈ মিহলাই প্ৰত্যেক দিনাই খাব ।
এই মিশ্ৰণটো নিয়মীয়াকৈ খালে হজম ক্ষমতা বাঢ়ে , হৃদপিণ্ডৰ ক্ষমতা বাঢ়ে , ওজন নিয়ন্ত্ৰণ হয় , এলাৰ্জি কমি যায় আৰু ছালৰ সৌন্দৰ্য বৃদ্ধি হয় ।

 

অন্ততঃ এমাহ খাই চাবচোন ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close