আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

নিৰাপত্তাৰ বাবে ২০ বছৰ ধৰি দ্বীপত বসবাস

বাছিৰ আহমেদ ছাহ

এটি প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ সাগৰীয় দ্বীপ। ইয়াৰ নৈসর্গিক শােভাই প্রতিজন পর্যটকক হাত বাউল দি ইয়ালৈ মাতে। কিন্তু নিজৰ নিৰাপত্তাৰ বাবে এগৰাকী বৃদ্ধই এই দ্বীপটোত ২০ বছৰ ধৰি অকলেই বসবাস কৰি আছে। অবিশ্বাস্য যেন লাগিলেও এয়াই বাস্তৱ সত্য। এই ব্যতিক্রমী বৃদ্ধগৰাকীৰ সন্ধান পােৱা গৈছে উত্তৰ-পূব অষ্ট্রেলিয়াৰ ৰেষ্টোৰেছন নামৰ দ্বীপটোত। মানুহগৰাকীৰ নাম ডেভিড গ্লাচিন। বয়স ৭৩ বছৰ। নিজৰ নিৰাপত্তাৰ বাবে ১৯৯৭ চনৰ মে’ মাহৰ পৰাই এই দ্বীপটোত অকলেই বসবাস কৰি আহিছে। ১৯৮৭ চনত শ্বেয়াৰ বজাৰ অৱনমিত হৈ ভাগ্যৰ পাকচক্ৰত হাৰ মানি তেওঁ এই সিদ্ধান্ত লয়। ডেভিড গ্লাচিন নামৰ বৃদ্ধগৰাকী এটা সময়ত চাবেক গােল্ড মাইনিং টাইকন তথা ভূ-সম্পত্তিশালীৰ অগাধ মালিক তথা এগৰাকী সফল ব্যক্তি হিচাপে পৰিচিত আছিল। তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল প্রায় ২৭ মিলিয়ন ডলাৰ। কিন্তু বর্তমান তেওঁ এটি সামান্য কাঠৰ ঘৰত এটি নির্জন দ্বীপত বসবাস কৰে। এই দ্বীপত তেওঁৰ একমাত্ৰ সংগী এটি কুকুৰ। কুকুৰ যে প্রভুভক্ত সেই কথাই পুনৰবাৰ প্ৰমাণ কৰিলে এই কুকুৰটোৱে। ভাগ্যৰ পাকচক্ৰত সকলাে হেৰাই যােৱাত ডেভিডৰ পৰা সকলােৱে হাত এৰা দিছে যদিও কুকুৰটোৱে কিন্তু বর্তমানেও পূর্ণ সহযােগিতা আগবঢ়াই গৈছে। এয়াই জীৱন আৰু এয়াই প্রভুভক্তৰ উজ্জ্বল নিদর্শন। ডেভিডৰ ভাষ্য অনুসৰি এই দ্বীপত বহু বিষাক্ত সাপ, মকৰা আৰু ঘঁৰিয়াল আছে। তাৰ পিছতাে বিশ্বব্যাপি সন্ত্রাসীৰ আক্ৰমণৰ উমান পাই ডেভিড়ে এই ঠাইডােখৰকে সম্পূর্ণ নিৰাপদ বুলি নির্বাচন কৰি থাকিব লৈছিল আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে বিশটা বছৰ কিদৰে অতিক্ৰম কৰিলে সেয়া দৃষ্টিগােচৰেই নহ’ল। বর্তমান তেওঁ এই দ্বীপতে জীৱনৰ বিদায় বেলাটো কটাব বিচাৰে। এই দ্বীপটোৱে তেওঁৰ বাবে স্বর্গস্বৰূপ। প্রথমে যেতিয়া এই দ্বীপত তেওঁ আহিছিল তেওঁৰ আর্থিক অৱস্থা স্বচ্ছল নাছিল। ইয়াৰ বাবে তেওঁৰ পত্নীয়ে তেওঁক এৰি থৈ গুচি গৈছিল। সেই দুখ বুকুত বান্ধি অকলেই বিশটা বছৰ অতিক্ৰম কৰিলে ডেভিডে। এই কালছােৱাত তেওঁৰ সংগী আছিল দ্বীপটোৰ জন্তুসমূহ। যিয়ে নিস্বার্থভাৱে তেওঁৰ সৈতে সহযােগিতা আগবঢ়াই গৈছে। কিন্তু বর্তমান তেওঁ এগৰাকী সংগীৰ সন্ধান বিচাৰিছে। যিয়ে তেওঁৰ এই অন্তিম বেলাত তেওঁৰ সৈতে থাকি পূর্ণ সহযােগিতা আগবঢ়াব পাৰে। ডেভিড গ্লাচিনক বর্তমান বাস্তৱ জীৱনৰ ৰবিন ক্রুছ বুলি অভিহিত কৰিছে। ইংৰাজী লেখক ডেনিয়েড ডিফ’ৰচিত উপন্যাস ৰবিন্সন ক্রুচে প্রায় ২৮ বছৰ এটি নির্জন দ্বীপত অকলেই বসবাস কৰিছিল। উল্লেখ্য যে, জীৱনে মানুহৰ লগত কেতিয়া কিদৰে লুকাভাকু খেলে সেয়া হয়তাে কোনেও নাজানে। আৰু ইয়াৰ যেন জ্বলন্ত প্রমাণ ডেভিড নামৰ বৃদ্ধগৰাকী। একালৰ প্ৰভাৱশালী ব্যক্তি কিদৰে বর্তমান এটি নির্জন দ্বীপৰ আলহী এই কথাও যেন এক সাধুৰ লেখীয়া হৈ পৰিছে। এয়াই জীৱন আৰু এয়াই বাস্তৱ সত্য।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close